ETV Bharat / bharat

য়ুনিটেক লিমিটেডৰ অনুমোদক সঞ্জয় চন্দ্ৰক ১ মাহৰ জামিন মঞ্জুৰ শীৰ্ষ আদালতৰ

author img

By

Published : Jul 7, 2020, 6:36 PM IST

উচ্চতম ন্যায়ালয়ে মংগলবাৰে য়ুনিটেক লিমিটেডৰ প্ৰমোটৰ সঞ্জয় চন্দ্ৰক ১ মাহৰ বাবে জামিনত মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে । কাৰণ তেওঁৰ পিতৃ-মাতৃক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ন্যায়ধীশ ডী বাই চন্দ্ৰচুঢ় আৰু এম আৰ ছাহৰ বিচাৰপীঠে এমাহৰ বাবে জামিনত মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।

sc-grants-interim-bail-to-unitech-promoter-sanjay-chandra

নিউজ ডেস্ক, ৭ জুলাই : উচ্চতম ন্যায়ালয়ে মংগলবাৰে য়ুনিটেক লিমিটেডৰ প্ৰমোটৰ সঞ্জয় চন্দ্ৰক ১ মাহৰ বাবে জামিনত মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে । কাৰণ তেওঁৰ পিতৃ-মাতৃক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ন্যায়ধীশ ডী বাই চন্দ্ৰচুঢ় আৰু এম আৰ ছাহৰ বিচাৰপীঠত এমাহৰ বাবে জামিনত মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।

উচ্চতম ন্যায়ালয়ক অৱগত কৰা হৈছিল যে, তেওঁৰ ৭৮ বছৰীয়া পিতৃ কোভিড-১৯ ত আক্ৰান্ত হৈ ICU ত চিকিৎসাধীন হৈ আছে ।

২০২০ চনৰ ২০ জানুৱাৰীত য়ুনিটেক লিমিটেডে ১২ হাজাৰতকৈ অধিক ঘৰ ক্ৰয় কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে শীৰ্ষ আদালতে কেন্দ্ৰক ৰয়েল্টি ফ্ৰ'মৰ নিয়ন্ত্ৰণৰ বাবে এখন বৰ্ড গঠন কৰাৰ অনুমতি প্ৰদান কৰিছিল । গঠন কৰা বৰ্ডখনৰ অধ্যক্ষ হিচাপে শীৰ্ষ আদালতে হাৰিয়ানাৰ অৱসৰপ্ৰাপ্ত কেডাৰ আইএএছ বিষয়া যুদবীৰ সিং মলিকক নিযুক্তি প্ৰদান কৰিছিল ।

চলিত বৰ্ষৰ জানুৱাৰীত শীৰ্ষ আদালতে সঞ্জয় আৰু তেওঁৰ ভাতৃ অজয় চন্দ্ৰক ঘৰ বিক্ৰীৰ অৰ্থ হৰলুকি কৰাৰ বাবে জামিন নাকচ কৰিছিল ।

জানিব পৰা মতে, এই গোচৰটো ২০১৫ বৰ্ষতে পঞ্জীয়ন কৰা হৈছিল য'ত য়ুনিটেকৰ Wild Flower Country' and 'Anthea Project ৰ ১৭৩ জন ঘৰ ক্ৰেতাই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । উক্ত গোচৰৰ ভিত্তিতে দিল্লীৰ আৰ্থিক অপৰাধ শাখাই সঞ্জয় চন্দ্ৰক ২০১৭ চনৰ ১ এপ্ৰিল তাৰিখে গ্ৰেপ্তাৰ কৰি তিহাৰ জেলত বন্দী কৰি ৰাখিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.