ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ কল্যাণৰ বাবে পদক্ষেপ : উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ - সমাজকৰ্মী হৰ্ষ মান্দেৰ

COVID-19 লকডাউনে সংকটলৈ ঠেলি দিয়া প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত উচ্চতম ন্য়ায়ালয়ৰ নিৰীক্ষণ ৷ নিৰীক্ষণৰ বাবে গঠন কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ. এ. ববডেৰ নেতৃত্বত এক বিচাৰক মণ্ডলী ৷

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ কল্যাণৰ বাবে পদক্ষেপ
উচ্চতম ন্যায়ালয়
author img

By

Published : Apr 13, 2020, 6:37 PM IST

Updated : Apr 13, 2020, 7:01 PM IST

নেশ্যনেল ডেস্ক, 13 এপ্ৰিল : COVID-19 লকডাউনৰ ফলত দূৰ্ভোগ ভুগিবলগা হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ কাৰ্যপন্থা তথা পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কে নিৰীক্ষণ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ. এ. ববডেৰ নেতৃত্বত গঠিত এক বিচাৰক মণ্ডলীয়ে ৷

দিল্লী চৰকাৰে প্ৰতিজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে 5000 টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ উদাহৰণ দাঙি ধৰি বিচাৰক মণ্ডলীয়ে, কেন্দ্ৰীয় চৰকাৰে এনে শ্ৰমিকৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰশ্ন কৰে ৷ যদিহে শ্ৰমিকসকলক পাৰিশ্ৰমিক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেন্তে শপতনামাত কেৱল খাদ্য আৰু আশ্ৰয়ৰ কথাহে কিয় উল্লেখ কৰা হৈছে বুলিও প্ৰশ্ন কৰে উচ্চতম ন্য়ায়ালয়ে ৷

সমাজকৰ্মী হৰ্ষ মান্দেৰ হৈ ওকালতি কৰা অধিবক্তা প্ৰশান্ত ভূষণে কয় যে, যদি আশ্ৰয় শিৱিৰত খাদ্যৰ বাবে এনে লোকৰ ভিৰ বৃদ্ধি পাইছে তেন্তে তেওঁলোকৰ সুৰক্ষা চৰকাৰে কেনেদৰে নিশ্চিত কৰিব ৷

বিচাৰক মণ্ডলীয়েও কেন্দ্ৰীয় চৰকাৰক একেধৰণৰ প্ৰশ্ন উত্থাপন কৰি কয় যে, শ্ৰমিকসকলক কিমান টকা প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, শ্ৰমিকসকলে শ্ৰমদান কৰা উদ্যোগসমূহ পুনৰ আৰম্ভ কৰা হ'ব নে নহয় সেই সম্পৰ্কতো মুখ্য ন্যায়াধীশ গৰাকীয়ে কেন্দ্ৰক প্ৰশ্ন কৰে ৷

এই সম্পৰ্কত Solicitor General তুষাৰ মেহতাই কয় যে, হৰ্ষ মান্দেৰে দাবী কৰা মতে, কেন্দ্ৰই প্ৰতি ৰেচন কাৰ্ডৰ বিনিময়ত 5 কিল'গ্ৰামকৈ ৰেচন বিতৰণ কৰা নাই ৷ বৰঞ্চ প্ৰতিজন লোকক বিতৰণ কৰিছে 5 কিল'গ্ৰামকৈ ৰেচন ৷

শ্ৰমিকসকলৰ পাৰিশ্ৰমিক সম্পৰ্কত মেহতাই কয়, "যিটো ক্ষেত্ৰত প্ৰাধান্য দিব লাগে আমি সেইটোৱে কৰিছো ৷ আমি তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিছো ৷" প্ৰত্যক্ষ লাভ হস্তান্তৰৰ (direct benefit transfer) জৰিয়তে শ্ৰমিকসকলৰ একাউন্টত টকা হস্তান্তৰ কৰাৰ তথ্য উচ্চতম ন্যায়ালয়ৰ আগত দাখিল কৰে মেহতাই ৷

ভূষণে ইয়াৰ প্ৰত্যুত্তৰত কয় যে, এই লোকসকল অতি দুখজনক পৰিস্থিতিত বাস কৰিছে ৷

ভূষণে আৰু কয়, "জাৰ্মানী, ইটালী, ফ্ৰান্সলৈ চাওঁক, তেওঁলোকে দুখীয়া লোকৰ বাবে সাহাৰ্য পেকেজ ঘোষণা কৰিছে ৷ কিয় ভাৰত চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ?"

এই ক্ষেত্ৰত ভূষণৰ হৈ কোনো নিৰ্দেশ প্ৰদান কৰিবলৈ অমান্তি হৈ উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে, "আপোনাৰ আবেদনত উল্লেখ থকা সকলোবোৰ নিৰ্দেশনা আমি মানি ল'বলৈ হ'লে আমি চৰকাৰ চলাব লাগিব ৷"

Last Updated : Apr 13, 2020, 7:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.