ETV Bharat / bharat

ৰাজ্যসভা নিৰ্বাচন : জয়শংকৰক প্ৰত্যাহ্বান জনোৱা জন আবেদনৰ শুনানিত স্থগিতাদেশ

author img

By

Published : Dec 14, 2020, 8:30 PM IST

Updated : Dec 14, 2020, 8:35 PM IST

যি নিৰ্বাচনৰ জৰিয়তে বৰ্তমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল, সেই নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল কেইখনমান জন আবেদন । সোমবাৰে উচ্চতম ন্যায়ালয়ে এই জন আবেদনৰ শুনানি ২০২১ৰ জানুৱাৰীলৈকে স্থগিত কৰে ।

ৰাজ্যসভা নিৰ্বাচনঃ জয়শংকৰক প্ৰত্যাহ্বান জনোৱা জন আবেদনৰ শুনানিত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ ৰাজ্যসভা নিৰ্বাচনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা জন আবেদনৰ শুনানি অহা বৰ্ষৰ জানুৱাৰীলৈকে স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ এছ এ ববডেৰ অধ্যক্ষতাত বিচাৰপীঠে জন আবেদনৰ শুনানি জানুৱাৰী মাহৰ তৃতীয় সপ্তাহলৈকে স্থগিত কৰে । ইয়াৰে ভিতৰত এখন আবেদন কংগ্ৰেছ নেতা গৌৰৱ পাণ্ডিয়াই দাখিল কৰে ।

আবেদনত ৰাজ্যসভাৰ আকস্মিক আৰু নিয়মিত খালী পদ পূৰণৰ বাবে পৃথককৈ অধিসূচনা জাৰি কৰাৰ বাবে নিৰ্বাচনী আয়োগৰ ক্ষমতাক লৈ প্ৰশ্ন কৰা হৈছে । এই জন আবেদনসমূহ ২০১৯ৰ ৰাজ্যসভা উপ-নিৰ্বাচনত গুজৰাটত বিজেপিয়ে দখল কৰা দুখন আসনক লৈ জড়িত । যোৱা ৪ ফেব্ৰুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা গৌৰৱ পাণ্ডিয়াই মন্ত্ৰী জয়শংকৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰে ।

কংগ্ৰেছ নেতা চন্দ্ৰিকাবেন চৌদাছামা আৰু পৰেশ কুমাৰ ধনানীয়ে বিজেপি প্ৰাৰ্থী যুগলজী থাকৰেৰ বিৰুদ্ধে দাখিল কৰা আবেদনো খাৰিজ কৰে উচ্চ ন্যায়ালয়ে । চৌদাছামা আৰু পৰেশ কুমাৰ ধনানীয়ে ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । মন্ত্ৰী জয়শংকৰ, থাকৰেই ২০১৯ চনৰ ৫ জুলাইত উপ-নিৰ্বাচনৰ জৰিয়তে ৰাজ্যসভাৰ সদস্যতা লাভ কৰে । উপ-নিৰ্বাচনত মন্ত্ৰী জয়শংকৰে পাণ্ডিয়াক আৰু থাকৰেই চৌদাছামাক পৰাস্ত কৰে । পূৰ্বৰ শুনানিত সৰ্বোচ্চ ন্যায়ালয়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে তেওঁৰ শপতনামাত কয় যে, নিৰ্বাচনী আয়োগে গ্ৰহণ কৰা ভোটদান প্ৰক্ৰিয়া অসাংবিধানিক নহয় ।

লগতে পঢ়ক:ক্ষমতাৰ ৰাগীত বলিয়ান গুপকাৰ দলে ৰাইজক ব্যতিব্যস্ত কৰিছে : স্মৃতি ইৰানী

Last Updated : Dec 14, 2020, 8:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.