ETV Bharat / bharat

এচিদ আক্ৰমণৰ বলি লোকৰ ক্ষেত্ৰত কি হ'ব উচ্চতম ন্যায়ালয়ৰ ৰায়দান?

author img

By

Published : Apr 26, 2019, 5:46 PM IST

এচিদ আক্ৰমণৰ বলি হোৱা লোকৰ বাবে শীঘ্ৰ ৰায়দানৰ দাবী জনাইছিল অধিবক্তা অনুজা কাপুৰে ৷ 15 ফেব্ৰুৱাৰীত হোৱা এক শুনানিত উচ্চতম ন্যায়ালয়ে এই আবেদনৰ বিষয়ত মতামত বিচাৰি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছিল ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে স্থগিত ৰাখে শুনানি ৷

এচিদ আক্ৰমণৰ বলি লোকৰ ক্ষেত্ৰত কি হ'ব উচ্চতম ন্যায়ালয়ৰ ৰায়দান?

নতুন দিল্লী , 26 এপ্ৰিল : এচিদ আক্ৰমণৰ পীড়িতক ক্ষতিপূৰণ বৃদ্ধিৰ শুনানি চাৰি সপ্তাহলৈ স্থগিত ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে স্থগিত ৰাখে শুনানি ৷

এচিদ আক্ৰমণৰ পীড়িতৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ বৃদ্ধিৰ বাবে অধিবক্তা অনুজা কাপুৰে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে চাৰিসপ্তাহৰ বাবে স্থগিত ৰাখে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ এক বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে , ইয়াৰ পূৰ্বে 15 ফেব্ৰুৱাৰীত হোৱা এক শুনানিত উচ্চতম ন্যায়ালয়ে এই আবেদনৰ বিষয়ত মতামত বিচাৰি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছিল ৷ অধিবক্তাগৰাকীয়ে এচিদ আক্ৰমণৰ পীড়িতৰ বাবে ক্ষতিপূৰণ বৃদ্ধি , পুনৰ সংস্থাপনৰ সুবিধাৰ উপৰিও চাকৰি ,চিকিৎসা সেৱা দাবী জনাইছিল ৷

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে 2015 চনত এচিদ আক্ৰমণৰ পীড়িতক চাকৰিৰ ক্ষেত্ৰত বিশেষ ভাৱে সক্ষম ব্যক্তিৰ শাখাত অন্তৰ্ভূক্ত কৰিবলৈ নিৰ্দেশন দিছিল ৷ আনহাতে NALSA আঁচনিৰ অধীনত সকলো ৰাজ্যই এচিদ এটেকৰ ভোক্তভোগীক 7 লাখ ক্ষতিপূৰণ দিয়াটো বাধ্যতামূলক ৷

SC ADJOURNS PLEA SEEKING ENHANCEMENT OF COMPENSATION FOR ACID ATTACK VICTIM 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.