ETV Bharat / bharat

হজ যাত্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে চৌদি আৰব চৰকাৰে

চৌদি আৰবত হ'বলগীয়া হজ যাত্ৰাৰ বাবে বহুতো নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে । বিবিচিত প্ৰকাশিত বাতৰি অনুসৰি, উপস্থিত থকা লোকৰ সংখ্যা কেৱল ১ হাজাৰৰ মাজত সীমাবদ্ধ কৰা হৈছে । সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব । কোনো লোকে কাকো স্পৰ্শ কৰিব নোৱাৰাৰ লগতে ইছলামৰ পবিত্ৰ স্মৃতি স্তম্ভত লোকৰ প্ৰবেশ নিষিদ্ধ কৰা হৈছে ।

saudi-arabia-announces-hajj-restrictions

author img

By

Published : Jul 6, 2020, 10:20 PM IST

নিউজ ডেস্ক, ৬ জুলাই : কোভিড-১৯ ৰ সন্ত্ৰাসৰ মাজতে চলিত বৰ্ষৰ শেষৰ ফালে চৌদি আৰবত হ'বলগীয়া হজ যাত্ৰাৰ বাবে বহুতো নিষেধাজ্ঞ জাৰি কৰিছে চৰকাৰে । সোমবাৰে প্ৰকাশ কৰিছে এই তথ্য ।

বিবিচিত প্ৰকাশিত বাতৰি অনুসৰি, উপস্থিত থকা লোকৰ সংখ্যা কেবল ১ হাজাৰৰ মাজত সীমাবদ্ধ কৰা হৈছে । সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব । কোনো লোকে কাকো স্পৰ্শ কৰিব নোৱাৰাৰ লগতে ইছলামৰ পবিত্ৰ স্মৃতি স্তম্ভত লোকৰ প্ৰবেশ নিষিদ্ধ কৰা হৈছে ।

উল্লেখযোগ্য মে, হজ যাত্ৰা ইছলাম ধৰ্মৰ পবিত্ৰ উৎসব হিচাপে পালন কৰি আহিছে । যত প্ৰতিবছৰে প্ৰায় ২ মিলিয়ন লোকে জুলাই আৰু আগষ্ট মাহত মোক্কা আৰু মদিনালৈ যাত্ৰা কৰে ।

কিন্তু চলিত বৰ্ষত কৰ'ণা ভাইৰাছৰ বাবে কেবল চৌদি আৰবৰ নাগৰিকক হজ যাত্ৰাত অংশ লোৱাৰ অনুমতি প্ৰদান কৰিছে । বিগত মাহত চৌদি আৰব চৰকাৰে ঘোষণা কৰা অনুসৰি, বহুত কম লোকক এইবাৰ হজ যাত্ৰাত অংশ লোৱাৰ অনুমতি প্ৰদান কৰিছে । লগতে যি সমূহ চৌদি আৰবৰ নাগৰিকে ইতিমধ্যে কিংডমেৰ সীমান্তত বাস কৰিছে তেওঁলোকেহে হজ যাত্ৰাত অংশ লব পাৰিব ।

আনহাতে, Mecca's chamber of commerce ৰ তৰফৰ পৰা জনোৱা অনুসৰি, দেশখনৰ বাবে হজ এক পবিত্ৰ অনুষ্ঠান য'ত প্ৰতিবছৰে দেশখনত ৫.৩ বিলিয়নৰ পৰা ৬.৯ বিলিয়ন ডলাৰ অৰ্থ সংগ্ৰহ হয় । লগতে জানিব পৰা অনুসৰি, ২০১৯ চনত দেশখনত ২.৫ মিলিয়ন ইছলাম লোকে ৬ লাখতকৈ অধিক চৌদি আৰবৰ নাগৰিকৰ সৈতে হজত অংশগ্ৰহণ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.