ETV Bharat / bharat

এটা বেংক একাউণ্টৰ দুজন গৰাকীঃ এজন হুকুম সিং সুখী, আনজন দুখী - Same account at bank makes one Hukum Singh happy, other sad

নৰেন্দ্ৰ মোডীয়ে একাউণ্টত টকা সোমোৱাই দিয়া বুলি ভাৱিছিল সুখী হুকুম সিঙে

মই ভাবিছিলো মোডী চৰকাৰে মোৰ একাউণ্টত টকা সোমোৱাই আছে
author img

By

Published : Nov 24, 2019, 2:33 PM IST

Updated : Nov 24, 2019, 2:44 PM IST

নিউজ ডেস্ক,24 নৱেম্বৰ: মধ্য প্ৰদেশত সংঘটিত এক আজৱ ঘটনা ৷ মধ্য প্ৰদেশৰ ভিণ্ড জিলাৰ ষ্টেট বেংকৰ আলমপুৰ শাখাত একে নামৰ দুজন ব্যক্তিয়ে চলাই আছিল একেটা বেংক একাউণ্ট ৷ অৰ্থাৎ এটা একাউণ্ট দুজন গৰাকী ৷ দুয়োগৰাকী ব্যক্তিৰ নাম হুকুম সিং ৷ এজনে একাউণ্টত টকা জমা কৰি গৈছিল আনজনে উলিয়াই গৈছিল ৷

এই নাটকীয় ঘটনাটোৰ সমাপ্তি নৰেন্দ্ৰ মোডীৰ ধন জন যোঁজনা আঁচনীৰ বেংক একাউণ্টত সমাপ্তি হৈছিল ৷ ঘটনা অনুসৰি মধ্য প্ৰদেশৰ ভিণ্ড জিলাৰ ৰুৰাই গাঁৱৰ বাসিন্দা হুকুম সিং ষ্টেট বেংকৰ আলমপুৰ শাখাত দীৰ্ঘ দিন ধৰি টকা জমা থৈ গৈছিল ৷ কিন্তু কিছু বছৰৰ পিছত তেওঁ গম পাই যে, তেওঁৰ একাউণ্টৰ পৰা জমা টকা কমি গৈ আছে ৷ পাছবুক নিৰীক্ষণ কৰাত দেখে যে, তেওঁৰ একাউণ্টৰ পৰা নিয়মিতভাৱে আন কোনোবাই টকা উলিয়াই আছে ৷ পৰৱৰ্তী সময়ত বেংক পৰিচালকৰ লগত কথা পাতি জানিব পাৰে যে, বেংক কৰ্মচাৰীৰ ভুলৰ বাবে এটা একাউণ্ট নম্বৰত খোলা হ'ল দুটা একাউণ্ট আৰু একাউণ্টটোৰ পৰা ৰৌণি গাঁৱৰ হুকুম সিংহয়ে উলিয়াই আছে টকা ৷

ইফালে ৰৌনি গাঁৱৰ হুকুম সিংয়ে তেওঁৰ একাউণ্টত স্বয়ংক্ৰিয় ভাৱে টকা সোমাই থকাত নৰেন্দ্ৰ মোডীৰ অচ্চে দিন আহিব বুলি কোৱা প্ৰতিশ্ৰুতিক উপলব্ধি কৰি সুখী হৈ পৰে ৷ প্ৰয়োজন অনুযায়ী তেওঁ মাজে-মাজে একাউণ্টৰ পৰা টকা উলিওৱা আৰম্ভ কৰে ৷ এফালে এজন হুকুম সিং সুখী, আনজন দুখী ৷

আনহাতে ৰুৰাই গাঁৱৰ হুকুম সিংয়ে জানিব পাৰে যে, তেওঁৰ একাউণ্টৰ আনজন গৰাকী ৰোণি গাঁৱৰ বাসিন্দা হুকুম সিংহ ৷ যেতিয়া ৰুৰাই গাঁৱৰ হুকুম সিংহয়ে ৰোণি গাঁৱৰ হুকুম সিংক লগ কৰি সোধে যে, একাউণ্টত জমা হোৱা টকাখিনি আপোনাৰ নহয় বুলি জানিও কিয় উলিয়াই আছে ? তাৰ উত্তৰত আনজন হুকুম সিংয়ে কয়, "মই ভাবিছিলো মোডী চৰকাৰে মোৰ একাউণ্টত টকা সোমোৱাই আছে ৷"

লগতে পঢ়ক:বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰাক উপত্যকাত স্মৰণ মহাবীৰ লাচিতক

Intro:Body:

SAME BANK ACCOUNT COMADY STORY

Conclusion:
Last Updated : Nov 24, 2019, 2:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.