নিউজ ডেস্ক, 16 ডিচেম্বৰঃ বুধবাৰৰ পুৱা মোৰাদাবাদ আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ ডাঠ কুঁৱলীৰ বাবে সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷
স্থানীয় আৰক্ষীৰ এক সুত্ৰই সদৰি কৰা অনুসৰি, এই দুৰ্ঘটনাত 8 জন লোক থিতাতে নিহত হোৱাৰ লগতে 25 জন লোক গুৰুতৰভাৱে আহত হৈছে ৷ ইতিমধ্যে আহত লোকসকলক ঘটনাস্থলীৰ নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷
উল্লেখ্য যে, ডাঠ কুঁৱলীৰ বাবে দুৰ্ঘটনাগ্ৰস্ত বাছ আৰু এখন টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা ৷
লগতে পঢ়ক: ৰঙাপৰাত বন্যহস্তীয়ে একেনিশাই ভাঙিলে 9 টাকৈ বাসগৃহ