নিউজ ডেস্ক, 10 এপ্ৰিলঃ জেষ্ঠ্য বিজেপি নেতা তথা বিহাৰ বিধান পৰিষদৰ সদস্য শশীদানন্দ ৰায়ে বিহাৰ চৰকাৰক দান কৰিলে সমস্ত দৰমহা । কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজত বিহাৰ চৰকাৰক সহায় কৰিবলৈ তেওঁৰ বাকী ৰোৱা কাৰ্যকালৰ সমগ্ৰ দৰমহা চৰকাৰলৈ দান কৰিছে । অহা বৰ্ষৰ জুলাই মাহত তেওঁৰ কাৰ্যকাল সমাপ্ত হ'ব । এক ভিডিঅ' বাৰ্তাত তেওঁ এই কথা প্ৰকাশ কৰে ।
বিহাৰত বৰ্তমানলৈ 51 টা কৰ'ণা ভাইৰাচ পজিটিভ কেচ পোৱা গৈছে । তাৰে ভিতৰত 13 টা নতুনকৈ কেচ পোৱা গৈছে, 10 টা ছিৱান জিলাৰ আৰু আন 3 টা বেগুচাৰাই জিলাৰ ।