ETV Bharat / bharat

ভক্তৰ বাবে খুলি দিয়া হ'ল কেৰালাৰ সাবৰীমালা মন্দিৰ - সাবাৰীমালা মন্দিৰত আয়াপ্পা দৰ্শণ

আয়াপ্পা দৰ্শণৰ বাবে খুলি দিয়া হ'ল কেৰালাৰ পাথানামঠিট্টাৰ সাবৰীমালা মন্দিৰৰ মূল দুৱাৰ ৷ 31 ডিচেম্বৰৰ ৰাতিপুৱাৰ পৰাহে খুলি দিয়া হ'ল মন্দিৰৰ মূল দুৱাৰ ৷ মহামাৰী ক'ৰণাৰ বাবে বন্ধ হৈ থকা মন্দিৰ দৰ্শণৰ বাবে ভক্তসকলে পালন কৰিব লাগিব কেতবোৰ নীতি নিৰ্দেশনা ৷

Sabarimala: Pilgrims reach Sannidhanam for Makaravilakku pilgrimage
ভক্তৰ বাবে খুলি দিয়া হ'ল কেৰালাৰ সাবাৰীমালা মন্দিৰ
author img

By

Published : Jan 1, 2021, 9:44 AM IST

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী: কেৰালাৰ পাথানামঠিট্টাৰ সাবৰীমালা মন্দিৰত আয়াপ্পা দৰ্শণৰ বাবে 31 ডিচেম্বৰৰ পৰা ভক্তই ভিৰ কৰিছেহি ৷ 30 ডিচেম্বৰৰ সন্ধিয়া নাডা মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হৈছে যদিও 31 ডিচেম্বৰৰ ৰাতিপুৱাৰ পৰাহে ভক্তই ভিৰ কৰিছে আয়াপ্পা দৰ্শণৰ বাবে ৷ প্ৰতি বছৰে নতুন বছৰৰ প্ৰথমটো দিনত আয়াপ্পা দৰ্শণৰ বাবে ভক্তই ভিৰ কৰিছিল যদিও এইবছৰ মহামাৰী ক'ৰণাৰ বাবে কিছু নীতি নিৰ্দেশনা পালন কৰা হৈছে ৷ এদিনত মাত্ৰ 5000 ভক্তকহে মন্দিৰ দৰ্শণৰ বাবে অনুমতি প্ৰদান কৰিছে ৷

উল্লেখ্য যে, ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰাৰ বাবে আগতীয়াকৈ অনলাইনযোগে প্ৰৱেশপত্ৰ বুক কৰিব লাগিব ৷ মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ক'ভিড পৰীক্ষাৰ ফলাফল দেখুৱাব লাগিব ভক্তসকলে ৷ অন্যথা মন্দিৰত প্ৰৱেশ কৰিব দিয়া নহ'ব ভক্তসকলক ৷ ইফালে আয়াপ্পা দৰ্শণৰ বাবে 20 জানুৱাৰীলৈ ভক্তৰ বাবে খুলি দিয়া মন্দিৰৰ দুৱাৰ 19 জানুৱাৰী তাৰিখে নিশাৰ ভাগত পুনৰ বন্ধ কৰা হ'ব |

লগতে পঢ়ক: নৌসেনা প্ৰধানৰ INS দ্বাৰকা ভ্ৰমণ, সুৰক্ষা দিশ পৰ্যালোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.