ETV Bharat / bharat

কা, এনআৰচিক লৈ উত্তাল সংসদ - সদনতে বিৰোধী পক্ষই কা আৰু এনআৰচিক লৈ চৰকাৰক তীব্ৰ কটাক্ষ

মঙলবাৰে সংসদত হতাহতি ৷ অধ্যক্ষ ঔম বিৰলাই সংসদত সাংসদ সকলক অভদ্ৰ আচৰণ বাবে সকিয়নী প্ৰদান কৰে ৷

Ruckus in Parliament over CAA, NRC,কা, এনআৰচিক লৈ উত্তাল সংসদ
কা, এনআৰচিক লৈ উত্তাল সংসদ
author img

By

Published : Mar 3, 2020, 10:54 PM IST

নিউজ ডেস্ক, 3 মাৰ্চ: মঙলবাৰে লোকসভাত সংঘটিত হয় অপ্ৰীতিকৰ ঘটনা ৷ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ উত্তাল হৈ পৰে সংসদ ৷ সদনত বিৰোধী পক্ষৰ নেতাই বাক যুদ্ধত লিপ্ত হোৱাৰ বিপৰীতে শাৰীৰিক হিংসাতো লিপ্ত হয় ৷ যাৰ বাবে লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই সমগ্ৰ সংসদীয় অধিৱেশনৰ পৰা বহিষ্কাৰৰ সকিয়নী প্ৰদান কৰে সাংসদ সকলক ৷

Ruckus in Parliament over CAA, NRC,ঔম বিৰলা, লোকসভা অধ্যক্ষ
ঔম বিৰলা, লোকসভা অধ্যক্ষ

আনহাতে শাসনাধীষ্ঠ বিজেপিৰ সাংসদ সংগীতা সিং দেৱীয়ে বিৰোধী নেতা ৰাম্যা হৰিদাসৰ বিৰুদ্ধে শাৰিৰীক আক্ৰমণৰ অভিযোগ উত্থাপন কৰে ৷ এই পৰিস্থিতি সন্দৰ্ভত এখন সৰ্বদলীয় বৈঠকত মিলিত হৈছিল যদিও কোনো সুফল বাহিৰ নহ'ল ৷ ইফালে বিৰোধী নেতা সকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত অটল হৈ প্ৰতিবাদ সাব্যস্ত কৰি গ’ল ৷ দুয়োখন সদনতে বিৰোধী পক্ষই কা আৰু এনআৰচিক লৈ চৰকাৰক তীব্ৰ কটাক্ষ কৰে ৷

লোকসভা সদন
লোকসভা সদন

ঔম বিৰলাই কয়, সদনৰ আচৰণ বিধি উলংঘন কৰা সকলো সাংসদৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ বিৰোধী পক্ষৰ আচৰণক লৈ অধ্যক্ষক এক লিখিত অভিযোগ প্ৰদান কৰে সংগীতা সিঙে ৷ সদনত আজি এনআৰচি আৰু কা সন্দৰ্ভত আলোচনা হৈ আছিল যদিহে বিৰোধীৰ পক্ষৰ কোনো সমস্যা আছিল তেন্তে তৰ্কত যোগদান কৰিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকৰ অকল অৰাজকতা আৰু হিংসা কৰাৰ উদ্দেশ্য আছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ জনসাধাৰণে দিব বুলি কয় সংগীতা সিঙে ৷

লগতে চাওক- প্ৰধামন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াতকৈ কৰ’ণা ভাইৰাছত অধিক মনোযোগ দিয়ক : ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.