ETV Bharat / bharat

লক্ ডাউন উলংঘনকাৰীৰ পৰা মুঠ 1,70,250 টকাৰ জৰিমণা সংগ্ৰহ আৰক্ষীৰ - Noida Lock Down

উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত 10 জুলাই নিশা 10 বজাৰ পৰা 13 জুলাই পুৱা 5 বজালৈ লক ডাউন ঘোষণা কৰিছিল ৷ দেওবাৰৰ দিনটোত মুঠ 24খন এফআইআৰ ৰুজু কৰা হৈছে ৷ 64 গৰাকী লোকক প্ৰতিবন্ধকতাসমূহ উলংঘন কৰাৰ বাবে আটক কৰাৰ লগতে 1904 খন বাহন জব্দ কৰা হৈছে ৷

Rs 1,70,250 were collected in fines at Noida during Lock Down
নয়ডাত লক ডাউন উলংঘনকাৰীৰ পৰা মুঠ 1,70,250 টকাৰ জৰিমণা সংগ্ৰহ আৰক্ষীৰ
author img

By

Published : Jul 13, 2020, 10:26 AM IST

নেশ্যনেল ডেক্স,13 জুলাইঃ নয়ডা আৰু গ্ৰেটাৰ নয়ডাত দেওবাৰৰ দিনটোত কোভিড 19ৰ বাবে আৰোপ কৰা প্ৰতিবন্ধকতাসমূহ উলংঘন কৰাৰ বাবে 64 গৰাকী লোকক আটক কৰাৰ লগতে 1,904 খন বাহন জব্দ কৰে আৰক্ষীয়ে ৷ গৌতম বুদ্ধ নগৰ আৰক্ষীয়ে সদৰি কৰিছে এই কথা ৷ উল্লখ্য যে, উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত 10 জুলাই নিশা 10 বজাৰ পৰা 13 জুলাই পুৱা 5 বজালৈ লক্ ডাউন ঘোষণা কৰিছিল ৷ ‘ক্ৰিমিনেল প্ৰছিডিউৰ কোড’ৰ 144 ধাৰা অনুসৰি গৌতম বুদ্ধ নগৰত চাৰিজনতকৈ অধিক লোকৰ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ জিলাখানৰ নগৰাঞ্চসমূহ ইতিমধ্যে ৰেড জ’নৰ অন্তৰ্ভূক্ত হৈছে ৷

আৰক্ষীয়ে এক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, দেওবাৰৰ দিনটোত মুঠ 24খন এফআইআৰ ৰুজু কৰা হৈছে ৷ 64 গৰাকী লোকক প্ৰতিবন্ধকতাসমূহ উলংঘন কৰাৰ বাবে আটক কৰাৰ লগতে 1904 খন বাহন জব্দ কৰা হৈছে ৷ ইয়াৰ উপৰিও 1,70,250 টকা জৰিমণাৰ পৰা সংগ্ৰহ কৰিছে আৰক্ষীয়ে ৷ নয়ডা-দিল্লী সীমান্ত এতিয়াও ছীল হৈ আছে ৷ কেৱল জৰুৰীকালীন সেৱা, আৰু জিলা প্ৰশাসনৰ অনুমোদিত বাহন তথা লোকেহে সীমা পৰা হ’ব পাৰিব ৷ ইয়াৰ উপৰিও মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলালে 500 টকা পৰ্যন্ত জৰিমণাৰ কথাও ঘোষণা কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক-জম্মু কাশ্মীৰত আটক চাৰিটা সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.