ETV Bharat / bharat

ট্ৰাম্পৰ ভাৰত ভ্ৰমণ : ট্ৰাম্পৰ সৈতে থাকিবলগীয়া আমোলাসকল ! - ট্ৰাম্পৰ ভ্ৰমণত থাকিবলগীয়া আমোলাৰ দল

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰথমটো ভাৰত ভ্ৰমণত তেওঁৰ লগত থাকিব আমেৰিকাৰ 12জনীয়া এটি আমোলাৰ দল ৷ দলটোৰ ভিতৰত অন্যতম হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা ৰবাৰ্ট অ'ব্ৰেইন, বাণিজ্যিক সচিব উইলবুৰ ৰোছ, ট্ৰাম্প কন্যা ইভাংকা আৰু ট্ৰাম্পৰ জোঁৱাই জাৰেদ কুছনাৰ ৷

ট্ৰাম্পৰ ভাৰত ভ্ৰমণ : ট্ৰাম্পৰ সৈতে থাকিবলগীয়া আমোলাসকল !

author img

By

Published : Feb 22, 2020, 5:38 PM IST

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : অহা 24 ফেব্ৰুৱাৰীত প্ৰথম ভাৰত ভ্ৰমণলৈ আহিবলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে থাকিব আমেৰিকাৰ 12 জনীয়া এটি উচ্চ প্ৰশাসনিক বিষয়াৰ দল ৷ দলটোৰ ভিতৰত অন্যতম হৈছে, আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা ৰবাৰ্ট অ'ব্ৰেইন, বাণিজ্যিক সচিব উইলবুৰ ৰোছ, ট্ৰাম্পৰ জীয়ৰী আৰু জোঁৱাই ক্ৰমে, ইভাংকা ট্ৰাম্প আৰু জাৰেদ কুছনাৰ ৷ ফেব্ৰুৱাৰীৰ 25 তাৰিখে নিশা 10 বজাত তেওঁৰ বিশেষ বিমানেৰে ভাৰত ত্যাগ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ আমেৰিকাৰ প্ৰশাসনৰ এগৰাকী উচ্চপদস্থ বিষয়াই এই কথা উল্লেখ কৰিছে ৷

দলটোত থাকিবলগীয়া আন 8গৰাকী আমোলা : আমেৰিকাৰ ভাৰতত থকা ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ, শক্তি বিভাগৰ সচিব ডান ব্ৰউইলেট্টে, হোৱাইট হাউচ চীফ (তদাৰকী) অৱ ষ্টাফ মিক মুলভানেই, হোৱাইট হাউচৰ জ্যেষ্ঠ উপদেষ্টা ষ্টিফেন মিলাৰ, হোৱাইট হাউচ ছ'চিয়েল মিডিয়া নিৰ্দেশক ডান স্কাভিনো, প্ৰথম নাৰী মেলেনিয়া ট্ৰাম্পৰ চীফ অৱ ষ্টাফ লিণ্ডছে ৰেয়নল্ডছ, হোৱাইট হাউচ উপদেষ্টা ৰবাৰ্ট ব্লেয়াৰ, হোৱাইট হাউচ প্ৰেছ সচিব ষ্টিফেনি গ্ৰীছাম ৷

ট্ৰাম্পৰ ভাৰত ভ্ৰমণ : ট্ৰাম্পৰ সৈতে থাকিবলগীয়া আমোলাসকল !
ট্ৰাম্পৰ ভাৰত ভ্ৰমণ : ট্ৰাম্পৰ সৈতে থাকিবলগীয়া আমোলাসকল !

দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া ব্যক্তিসকল : আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী আদাম এছ বহলাৰ, ফেডাৰেল কমিউনিকেশ্বন কমিছন চেয়াৰমেন অজিত পাই, নেশ্বনেল ছিকিউৰিটী কাউন্সিলৰ দক্ষিণ আৰু মধ্য এছিয়া বিভাগৰ জ্যেষ্ঠ নিৰ্দেশক লিছা কুৰ্টিছ আৰু নেশ্বনেল ছিকিউৰিটী কাউন্সিলৰ জ্যেষ্ঠ বিষয়া কছ পেটেল ৷

লগতে পঢ়কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা : ৰাষ্ট্ৰপতিৰ নিৰাপত্তা

এইসমূহ আমোলা আৰু বিষয়াক লৈ 24 ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত হাউচটনত অনুষ্ঠিত হোৱা 'হাউডি মোডী'ৰ দৰেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত 'নমস্তে ট্ৰাম্প' কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ 25 ফেব্ৰুৱাৰীত নতুন দিল্লীত উপস্থিত হ'ব ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মিলেনিয়া ট্ৰাম্প ৷ নতুন দিল্লীত বহুকেইটা অনুষ্ঠানৰ লগতে উচ্চ-পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইয়াৰ উপৰিও নতুন দিল্লীস্থিত আমেৰিকাৰ দূতাবাসো পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি ট্ৰাম্পে ৷

দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু উপ-ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা সম্পন্ন কৰি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ দ্বাৰা আয়োজিত নৈশ ভোজন গ্ৰহণ কৰিব ট্ৰাম্পে ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নীক আগ্ৰাস্থিত তাজমহললৈ আগবঢ়াই নিব আৰু ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজন গ্ৰহণ কৰি নিশাই আমেৰিকালৈ উভটি যাব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী ৷

লগতে পঢ়কঃ ভাৰত-আমেৰিকাৰ অপৰিহাৰ্য সম্পৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.