মিজোৰাম, 18 জানুৱাৰী : মিজোৰামৰ বিভিন্ন জিলা তথা ৰাজধানী আইজলত 2021 বৰ্ষৰ পথ সুৰক্ষা সপ্তাহ সোমবাৰে উদ্বোধন কৰা হয় ৷ মিজোৰামৰ পথ পৰিবহন মন্ত্ৰী গৰাকীয়ে "সাৱধান হওক, জীৱন বচাওক" শীৰ্ষক বিষয় বস্তু লৈ আৰম্ভ হোৱা এই অভিযানৰ আনুষ্ঠানিক উদ্বোধন কৰে ৷ পৰিবহন বিভাগৰ কনফাৰেন্স হলত অনুষ্ঠিত এক অনুষ্ঠানত এই কাৰ্যসূচী উদ্বোধন কৰা হয় ৷
অনুষ্ঠানত উপস্থিত থাকি পথ পৰিবহন বিভাগৰ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে বিগত বৰ্ষ সমূহৰ দৰেই এইবাৰো 18 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈ মাহজোৰা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ উদযাপন কৰা হ'ব ৷
প্ৰতিখন নগৰতে স্থাপিত কেন্দ্ৰত একোখনকৈ সহায়কাৰী ডেস্ক ৰখা হ'ব ৷ তেওঁ লগতে মন্তব্য কৰে যে চৰকাৰখন হৈছে ৰাইজৰ অভিভাৱক আৰু ৰাইজক ট্ৰেফিক নিয়মৰ লগতে পথ সুৰক্ষাৰ বিষয়ে সজাগ কৰি তোলাটো পৰিবহন বিভাগৰ কৰ্মচাৰী সকলৰ দায়িত্ব ৷
লগতে পঢ়ক:প্ৰতিষেধক প্ৰস্তুত কৰি ভাৰতে চীনা ভাইৰাছৰ পৰা মানৱতাক ৰক্ষা কৰিছে : আৰএছএছ নেতা