ETV Bharat / bharat

2019-20 চনত টিকটহীন যাত্ৰীৰ পৰা ভাৰতীয় ৰে'লৱেৰ উপাৰ্জন 561.73 কোটি

যাত্ৰীজনক ন্যায়াধীশৰ কাষলৈ প্ৰেৰণ কৰা হ'ব ৷ ন্যায়াধীশে তেওঁক 1,000 টকালৈ জৰিমণা বিহিব পাৰে ৷ যদিহে যাত্ৰীজনে পুনৰ অমান্তি হয় তেওঁক ছয়মাহৰ বাবে জেললৈ প্ৰেৰণ কৰা হ'ব ৷

author img

By

Published : Aug 23, 2020, 8:49 PM IST

ticketless travellers
ভাৰতীয় ৰে'লৱে

নিউজ ডেস্ক, 23 আগষ্টঃ 2019-20 চনত টিকট অবিহনে যাত্ৰা কৰা 1 কোটিতকৈ অধিক যাত্ৰীৰ ওপৰত ভাৰতীয় ৰে'লৱে জৰিমণা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফলত ৰে'লৱেয়ে 561.73 কোটি টকা উপাৰ্জন কৰে ৷ RTI ৰ এখন আৱেদনৰ পৰা পোৱা তথ্য অনুসৰি, 2018-19 চনৰ তুলনাত প্ৰায় 6 শতাংশ বেছি ধন আয় হয় ৰে'লৱেৰ ৷

2016-20 চনত ৰে'লৱেয়ে টিকট নথকা যাত্ৰীসকলৰ ওপৰত জৰিমণা লগায় প্ৰায় 1,938 কোটি টকা সংগ্ৰহ কৰিছিল ৷ 2016 ৰ পাছত 38.57 শতাংশ বৃদ্ধি পাই ৷ মধ্য প্ৰদেশৰ এগৰাকী বিষয়া চন্দ্ৰ শ্বেখৰ গৌৰে RTI ৰ এখন আৱেদন দাখিল কৰি সকলো তথ্য পোহৰলৈ আনে ৷

লগতে পঢ়কঃ বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ : তৰুণ গগৈ

ৰে'লৱে 2016-2017 চনত টিকট বিহীন যাত্ৰীৰ পৰা 405.30 কোটি টকা জৰিমণা লগায় ৷ পুনৰ 2017-18 চনত 441.62 কোটি টকা উদ্ধাৰ কৰাৰ পাছত 2018-19 চনত 530.06 কোটি টকা লাভ কৰে ৷

পুনৰ 2019-2020 চনত 1.10 কোটি যাত্ৰীয়ে টিকট অবিহনে যাত্ৰা কৰা তথ্য লাভ কৰে ৷ ভাৰতীয় ৰে'লৱেয়ে টিকট বিহীন যাতায়ত ৰোধ কৰিবলৈ কিছু নীতি-নিয়ম প্ৰণয়ন কৰে ৷

যদিহে যাত্ৰীয়ে টিকট অবিহনে যাত্ৰা কৰে তেন্তে তেওঁ প্ৰায় 250 টকা জৰিমণা বিহিব লাগিব ৷ যদিহে যাত্ৰীয়ে জৰিমণা দিয়াৰ পৰা অমান্তি হয় তেন্তে যাত্ৰীগৰাকীক ৰে'লৱে সুৰক্ষা বাহিনীৰ হাতত গটাই দিয়া হ'ব৷ লগতে তেওঁৰ ওপৰত 137 নং আইনৰ অধীনত গোচৰ ৰুজু কৰা হ'ব ৷

পৰৱৰ্তী সময়ত, যাত্ৰীজনক ন্যায়াধীশৰ কাষলৈ প্ৰেৰণ কৰা হ'ব ৷ ন্যায়াধীশে তেওঁক 1,000 টকালৈ জৰিমণা বিহিব পাৰে ৷ যদিহে যাত্ৰীজনে পুনৰ অমান্তি হয় তেওঁক ছয়মাহৰ বাবে জেললৈ প্ৰেৰণ কৰা হ'ব ৷

লগতে পঢ়কঃমথুৰাত 500 কাৰাবন্দীক কোৱাৰেণ্টাইন

2018 চনত Parliament Railway Convention Committee য়ে 2016-17 চনৰ ৰে'লৱেৰ বিত্তীয় ৰিপ'ৰ্ট নিৰীক্ষণ কৰাৰ পাছত টিকট বিহীন যাত্ৰীসকলৰ বাবে ৰাজহ কৰ হ্ৰাস পোৱা বুলি উদ্বেগ প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.