ETV Bharat / bharat

প্ৰধানমন্ত্ৰী অলীৰ সংসদ ভংগৰ সিদ্ধান্তত জোকাৰণি

author img

By

Published : Dec 26, 2020, 9:58 PM IST

সংসদ ভংগৰ পাছতে সৃষ্টি হোৱা সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিদন্দ্বী দল নেপাল কমিউনিষ্ট পাৰ্টীয়ে বাট চাইছে নিৰ্বাচন আয়োগ আৰু উচ্চতম ন্য়ায়ালয়লৈ ।

প্ৰধানমন্ত্ৰী অলীৰ সংসদ ভংগৰ সিদ্ধান্তত জোকাৰণি
প্ৰধানমন্ত্ৰী অলীৰ সংসদ ভংগৰ সিদ্ধান্তত জোকাৰণি

ইণ্টাৰনেশ্য়নেল ডেস্ক , ২৬ ডিচেম্বৰ: নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলীৰ দ্বাৰা সংসদ ভংগ কৰাৰ পাছতে ৰাজনীতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে নেপাল কমিউনিষ্ট পাৰ্টী ভংগ হোৱাৰ দিশে আগবাঢ়িছে । সংসদ ভংগৰ পাছতে সৃষ্টি হোৱা সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ শাসকীয় দল নেপাল কমিউনিষ্ট পাৰ্টী কাষ চাপিছে নিৰ্বাচন আয়োগ আৰু উচ্চতম ন্য়ায়ালয়ৰ ।

প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলীয়ে শেহতীয়াকৈ এটা স্থানীয় সংবাদ মাধ্য়মৰ সাক্ষাৎকাৰত কৈছে যে, আদালতে সংবিধানৰ মতে ৰায়দান দিব বুলি তেওঁ আশাবাদী । একেদৰে NCP দলৰ আন এটা পক্ষ পুষ্পকমল দাহাল আৰু মাধৱ কুমাৰে নিৰ্বাচন আয়োগৰ কাষ চাপি আইনগতভাৱে তেওঁলোক সংখ্য়া গৰিষ্ঠ দল বুলি দাবী কৰে ।

মুখ্য় নিৰ্বাচনী আয়ুক্তৰ সৈতে হোৱা এক বৈঠকৰ পিছতে দাহাল আৰু মাধব কুমাৰ গোটৰ হৈ নাৰায়ণকাজী শ্ৰেষ্ঠাই কয় যে, NCP দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য় আৰু দলৰ পৰা নিৰ্বাচিত লোকসকল তেওঁলোকৰ সৈতে আছে । ইফালে NCP দলৰ মুঠ ২৯৫ গৰাকী কেন্দ্ৰীয় সমিতিৰ সদস্য় এতিয়া নিৰ্বাচন আয়োগৰ চূড়ান্ত সিদ্ধান্তৰ অপেক্ষাত ।

নিৰ্বাচন আয়োগৰ দ্বাৰা এক আনুষ্ঠানিক সিদ্ধান্ত লোৱা হ'ব বুলি আশাবাদী দাহাল আৰু মাধৱ কুমাৰ গোট । আনহাতে ২০ ডিচেম্বৰত অলীৰ সংসদ ভংগৰ সিদ্ধান্ত সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ে কাৰণ দৰ্শোৱা জাননী কৰিছে আৰু ৯ দিনৰ ভিতৰত উত্তৰ বিচাৰিছে ।

অলীৰ দ্বাৰা সংসদ ভংগ কৰাটো অসংবিধানিক আখ্য়া দিছে । আধুনিক ইতিহাসত নেপালে চাৰিবাৰকৈ চৰকাৰ ভংগৰ ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে । ইয়াৰে একাংশ আদালতে বাহাল ৰাখিছে । মুঠতে নেপালত এতিয়া প্ৰধানমন্ত্ৰী অলীৰ সংসদ ভংগ সিদ্ধান্তৰ পাছতে ৰাজনীতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : ক’ৰণা মুক্ত ধাৰাৱী: বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰশংসিত বিএমচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.