ETV Bharat / bharat

প্ৰাক্তন আইএএছ ৰাজীৱ কুমাৰ দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত

author img

By

Published : Aug 22, 2020, 10:02 AM IST

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰক ৷ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাই পদত্যাগ কৰাৰ পিচতেই কুমাৰক তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হয় ৷

ৰাজীৱ কুমাৰ দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত

নিউজ ডেস্ক, 22 আগষ্ট : দেশৰ প্ৰাক্তন বিত্তীয় সচিব ৰাজীৱ কুমাৰক দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৷ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাই পদত্যাগ কৰাৰ পিচতেই শুকুৰবাৰে ৰাজীৱ কুমাৰক তেওঁৰ ঠাইত স্থলাভিষিক্ত কৰা হয় ৷ আগন্তুক 1 ছেপ্টেম্বৰত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব কুমাৰে ৷

আইন মন্ত্ৰালয়ে ইতিমধ্যে এই সন্দৰ্ভত এক জাননী জাৰী কৰিছে আৰু জাননীত 1984 বৰ্ষৰ ঝাৰখণ্ড কেডাৰৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰক দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰাৰ বিষয়ে উল্লেখ কৰিছে ৷ ইতিমধ্যে পদত্যাগ কৰা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাৰ কাৰ্যকাল অহা 31 আগষ্টত অন্ত পৰিব আৰু 1 ছেপ্টেম্বৰত দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ বিদায়ী নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাই এছিয়ান ডেভেলপমেন্ট বেংকৰ উপাধ্যক্ষ হিচাপে যোগদান কৰিব ৷

দেশৰ নিৰ্বাচনী আয়ুক্ত হিচাপে লাভাছাৰ কাৰ্যকাল 2022ৰ অক্টোৱৰ মাহলৈ আছিল যদিও নিজৰ কাৰ্যকাল সম্পূৰ্ণ নকৰাকৈয়ে পদত্যাগ কৰে ৷ ইয়াৰ পূৰ্বে 1973 চনত তেতিয়াৰ মুখ্য নিৰ্বাচনী আয়ুক্ত নাগেন্দ্ৰ সিঙেও হগস্থিত আন্তঃৰাষ্ট্ৰীয় আদালতত অধিবক্তা হিচাপে নিযুক্তি পোৱাত তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ নকৰাকৈয়ে পদত্যাগ কৰিছিল ৷

লগতে পঢ়কঃ মহামাৰীৰ মাজতো অনুষ্ঠিত হ'ব নিৰ্বাচন, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশাৱলী জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.