ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে মহিলা বৈমানিকৰ নেতৃত্বত গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট - ফ্লাইট লেফটেনেন্ট ৰাথোড়

প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্টৰ নেতৃত্বত থাকিব ভাৰতীয় বায়ুসেনাৰ এগৰাকী মহিলা বৈমানিক ৷ ফ্লাইট লেফটেনেন্ট স্বাতী ৰাথোড়ৰ নেতৃত্বত এইবাৰ সম্পন্ন হ’ব গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট ৷ ইয়াৰ পূৰ্বে বিগত বৰ্ষত ফ্লাইট লেফটেনেন্ট ৰাথোড়ে বায়ুসেনা দিৱসৰ ফ্লাইপাষ্টৰ নেতৃত্ব দিছিল ৷

প্ৰথমবাৰৰ বাবে মহিলা বৈমানিকৰ নেতৃত্বত গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট

author img

By

Published : Jan 21, 2021, 7:30 PM IST

নিউজ ডেস্ক, 21 জানুৱাৰী : সমাগত গণতন্ত্ৰ দিৱস ৷ ইতিমধ্যে গণতন্ত্ৰ দিৱসক লৈ সম্পূৰ্ণৰূপে সাজু হৈছে দিল্লী ৷ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷ ৰাজপথত পূৰ্ণগতিত চলিছে পেৰেড আখৰা ৷

কোভিডৰ বাবে সীমিতসংখ্যক লোকৰ উপস্থিতিত এইবাৰ কোনো মুখ্য অতিথি অবিহনে পালন কৰা হ’ব গণতন্ত্ৰ দিৱস ৷ প্ৰত্যেকবাৰৰ দৰেই এইবাৰো গণতন্ত্ৰ দিৱসৰ বাবে পূৰ্ণগতিত চলি আছে সামৰিক পেৰেডৰ আখৰা ৷ প্ৰথমবাৰৰ বাবে এইবাৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব বাংলাদেশ সামৰিক বাহিনীৰ এটা 122 জনীয়া দলে ৷

লগতে পঢ়ক : গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট ভাৰ্টিকেল ছাৰ্লি একলব্যৰ নেতৃত্বত ৰাফেল

সকলোৰ উৰ্ধত এইবাৰ গণতন্ত্ৰ দিৱসৰ মুখ্য আকৰ্ষণ হ’ব 42 খন আকাশীযানৰ বিশেষ ফ্লাইপাষ্ট ৷ প্ৰথমবাৰৰ বাবে ৰাফেল যুদ্ধবিমানে এই ফ্লাইপাষ্টত অংশগ্ৰহণ কৰিব ৷ সমগ্ৰ ফ্লাইপাষ্টটোৰ নেতৃত্বত থাকিব এগৰাকী ফ্লাইট লেফটেনেন্ট ৷ প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা ফ্লাইট লেফটেনেন্টে এই ফ্লাইপাষ্টক নেতৃত্ব প্ৰদান কৰিব ৷ এইগৰাকী বায়ুসেনা বিষয়া হৈছে ফ্লাইট লেফটেনেন্ট স্বাতী ৰাথোড় ৷ আনহাতে স্বাতী ৰাথোড়ৰ উপৰিও ভাৰতীয় বায়ুসেনাৰ প্ৰতীকপদক নেতৃত্ব দিব দেশৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু বৈমানিক ফ্লাইট লেফটেনেন্ট ভাৱনা কান্ঠে ৷

ফ্লাইপাষ্টৰ নেতৃত্ব দিয়াৰ উপৰিও ফ্লাইট লেফটেনেন্টৰ নেতৃত্বত উৰিবলগীয়া পাঁচখন আকাশীযানে সামৰিক বাহিনীত মহিলাৰ অংশগ্ৰহণৰ বিশেষ বাৰ্তা প্ৰেৰণ কৰিব ৷

লগতে পঢ়ক : ইটিভি ভাৰত exclusive : ৰাজপথত অনুশীলনত ব্যস্ত বাংলাদেশ সেনাৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.