ETV Bharat / bharat

চীনৰ দৰে ভাৰতে বস্ত্ৰ উদ্যোগৰে বিশ্বৰ বজাৰ দখল কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব - বিশেষজ্ঞ

বৰ্তমান বিশ্বৰ প্ৰায়বোৰ দেশে চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাৰ আগত বহুবাৰ চিন্তা কৰিব লগা হৈছে । বৰ্তমান চীনৰ ওপৰত প্ৰায়বোৰ দেশৰ সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছে । গতিকে চীনৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰা আন দেশ সমূহত ভাৰতে বস্ত্ৰৰ বজাৰ দখল কৰিব পাৰিব নে নাই সেই সম্পৰ্কতো বিশেষজ্ঞৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে । দেশৰ ভিতৰতে বস্ত্ৰ উদ্যোগৰ ৰাজধানী হিচাপে তিৰুপ্পুৰক জনা যায় যদিও চীনৰ দৰে বজাৰ দখল কৰিবলৈ সেয়া পৰ্যাপ্ত নহ'ব বুলি উল্লেখ কৰে ।

replacing-china-in-the-garment-sector-not-possible-say-tiruppur-exporters

author img

By

Published : Jul 7, 2020, 12:16 AM IST

নিউজ ডেস্ক, ৬ জুলাই : কৰ'ণা ভাইৰাছৰ উৎপত্তি ৰাষ্ট্ৰ চীনৰ লগতে বৰ্তমান সমগ্ৰ বিশ্বক এই ভাইৰাছবিধে আক্ৰমণ কৰিছে । যাৰবাবে বৰ্তমান বিশ্বৰ প্ৰায়বোৰ দেশে চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাৰ আগত বহুবাৰ চিন্তা কৰিব লগা হৈছে । বৰ্তমান চীনৰ ওপৰত প্ৰায়বোৰ দেশৰ সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছে । ইতিমধ্যে আমেৰিকাই চীনৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উখাপন কৰিছে । লগতে এই মহামাৰী সন্দৰ্ভত চীনৰ ওপৰত এক তদন্তৰ দাবী জনাইছে । লগতে আমেৰিকাৰ অভিযোগ অনুসৰি, এই মহামাৰীয়ে চীনত সন্ত্ৰাস চলাই থকাৰ সময়তে চীন চৰকাৰে এই মহামাৰীৰ বিৰুদ্ধে বিশ্ববাসীক সজাগ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

replacing-china-in-the-garm৪ent-sector-not-possible-say-tiruppur-exporters
চীনৰ দৰে ভাৰতে বস্ত্ৰ উদ্যোগৰে বিশ্বৰ বজাৰ দখল কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব

বহু কেইগৰাকী অৰ্থনীতিবিদ আৰু বিশেষজ্ঞৰ মতে, চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক বিচ্ছেদ কৰিব বিচৰা বহু কেইখন ৰাষ্ট্ৰই বৰ্তমান ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে যাৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিক বিকাশ হ'ব বুলি আশা কৰা হৈছে । কিন্তু বৰ্তমান প্ৰশ্ন এয়াই যে, বৰ্তমান ভাৰতে আন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব নে?

একে সময়ত চীনে বিভিন্ন দেশত দখল কৰা বস্ত্ৰৰ বজাৰ সম্পৰ্কতো প্ৰশ্নৰ সৃষ্টি হৈছে । গতিকে চীনৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰা আন দেশ সমূহত ভাৰতে বস্ত্ৰৰ বজাৰ দখল কৰিব পাৰিব নে নাই সেই সম্পৰ্কতো বিশেষজ্ঞৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে । দেশৰ ভিতৰতে বস্ত্ৰ উদ্যোগৰ ৰাজধানী হিচাপে তিৰুপ্পুৰক জনা যায় যদিও চীনৰ দৰে বজাৰ দখল কৰিবলৈ সেয়া পৰ্যাপ্ত নহ'ব বুলি উল্লেখ কৰে ।

আনহাতে, উপৰোক্ত বিষয় সন্দৰ্ভত Tiruppur Exporters Association চমুকৈ TEA ৰ অধ্যক্ষ ৰাজা শানমঘুমৰ প্ৰতিক্ৰীয়া অনুসৰি, চীনৰ সমান্তৰালভাবে ভাৰতে বস্ত্ৰৰে বজাৰ দখল কৰাটো সম্ভৱ নহ'ব । বৰ্তমান ভাৰতৰ হাতত প্ৰশিক্ষিত জন শক্তি আৰু প্ৰযুক্তি বিদ্যাৰ অভাব আছে । লগতে তেওঁ জনাই যে, চীনৰ হাতত বিশ্বৰ বস্ত্ৰ বজাৰৰ এক বৃহৎ অংশ আছে । যাৰ শতাংশ হিচাপত ৩৯ শতাংশ । কিন্তু একে সময়তে ভাৰতৰ ৩.৪ শতাংশ যি বাংলাদেশতকৈয়ো কম । ইফালে, প্ৰধানমন্ত্ৰী আত্ম নিৰ্ভৰশীল ভাৰত আঁচনি সম্পৰ্কতো প্ৰতিক্ৰীয়া ব্যক্ত কৰি কয় যে, ভাৰতে স্বাধীনতাৰ সময়ৰ পৰাই আত্ম নিৰ্ভৰ হিচাপে থাকিবলৈ শিকিছিল । আজিৰ পৰাই এটা দশক পূৰ্বেই ভাৰতে ঘৰুৱা কামৰ বাবে মাস্ক আৰু কিট ব্যৱহাৰ কৰি চীনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।

গতিকে চীনে যি হাৰত বস্ত্ৰৰ বজাৰ দখল কৰিছিল সেইটো ভাৰতৰ বাবে প্ৰত্যাহ্বান হ'ব । দেশৰ ভিতৰত সৰ্বমুঠ বস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তিৰুপ্পুৰৰ অৱদান ৬০ শতাংশ । গতিকে চীনৰ নিচিনা বিশ্বৰ বস্ত্ৰৰ বজাৰ দখল কৰিবলৈ হলে তিৰুপ্পুৰ বস্ত্ৰ উদ্যোগৰ দৰে আকৌ ৩ টা উদ্যোগ স্থাপন কৰিব লাগিব । সেই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উভয় পক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.