ETV Bharat / bharat

বিদগ্ধ গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ মৃত্যু

author img

By

Published : Nov 15, 2019, 7:47 PM IST

Updated : Nov 17, 2019, 5:38 PM IST

আইনষ্টাইৰ তত্বক প্ৰত্যাহ্বান জনোৱা বিহাৰৰ বিদগ্ধ গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ মৃত্যু ৷ বিগত কেইবাদিনো ধৰি অসুস্থ হৈ থকা  গণিতজ্ঞজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে সমগ্ৰ বিহাৰ ৷

বিদগ্ধ গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ মৃত্যু

নিউজ ডেস্ক, 15 নৱেম্বৰঃ আইনষ্টাইনৰ তত্বক প্ৰত্যাহ্বান জনোৱা বিহাৰৰ বিদগ্ধ গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ মৃত্যু ৷ বিগত কেইবাদিনো ধৰি অসুস্থ হৈ থকা গণিতজ্ঞজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে সমগ্ৰ বিহাৰ ৷

বশিষ্ঠ নাৰায়ণ সিঙে তেওঁৰ পৰিয়ালৰ সৈতে পাটনাৰ কুলহৰিয়া কম্প্লেক্সত বসবাস কৰিছিল ৷ তেওঁ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্বক প্ৰত্যাহ্বান জনাইছিল ৷

তেওঁৰ এটা বিখ্যাত ঘটনাই বিশ্বৰ সকলোকে আচম্বিত কৰি তুলিছিল ৷ নাছাৰ এপ’ল অভিযানৰ উৎঘাটনৰ সময়ত যেতিয়া 31 টা কম্পিউটাৰ বিকল হৈ পৰিছিল আৰু সেই সময়ত বশিষ্ঠ নাৰায়ণ সিঙে সেই অভিযানৰ বাবে নাছাক দিয়া গণণাৰ হিচাপৰ লগত কম্পিউটাৰকেইটা ঠিক হোৱাৰ পিচত সেই হিচাপ অবিকলৰূপে পৰিগণিত হৈছিল ৷

আঙুলিৰ মূৰত থাকে বশিষ্ঠৰ গণিতৰ হিচাপঃ

গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙে পাটনাৰ এটা এপাৰ্টমেন্টত নিজৰ বিস্ময়কৰ জীৱনটো যাপন কৰিছিল ৷ তাত বাস কৰিয়েই তেওঁ নিজৰ লিখনিৰ চৰ্চা অব্যাহত ৰাখিছিল ৷ টেবুলত থকা বাতৰি কাকত, নোটবুক, আৰু ৰুমটোৰ বেৰত লিখা থকা গণিতে এই কথাৰ প্ৰমাণ পোৱা যায় ৷ মৃত্যুৰ কেইদিনমান আগলৈকে এখন বহী আৰু এডাল পেন্সিলেই তেওঁৰ বন্ধু আছিল ৷

ক্ৰিজোফ্ৰেনীয়াৰ বাবে অনামি অৱস্থাঃ
বিহাৰৰ বসন্তপুৰ গাঁৱৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা বশিষ্ঠ নাৰায়ণ সিঙে নিজৰ কৰ্মৰ জৰিয়তে গোটেই বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু ক্ৰিজোফ্ৰেনীয়া নামৰ মানসিক ৰোগৰ বাবে তেওঁৰ এঘৰীয়া অৱস্থাৰ সৃষ্টি হৈছিল ৷

1942 চনৰ 2 এপ্ৰিলত জন্মগ্ৰহণ কৰা বশিষ্ঠ নাৰায়ণ সিঙে 1962 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ তেওঁ পাটনা বিজ্ঞান কলেজত পঢ়ি থকা অৱস্থাত আমেৰিকাৰ পৰা অহা অধ্যাপক কেলীক লগ পাইছিল ৷ অধ্যাপক কেলীয়ে তেওঁৰ প্ৰতিভাত মুগ্ধ হৈ গৱেষণাৰ বাবে বাৰ্কলিলৈ আমন্ত্ৰণ জনাইছিল ৷

বিশ্বই তেওঁৰ প্ৰতিভাক বিশ্বাস কৰিছিলঃ
গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ প্ৰতিভা কেৱল ভাৰততেই নহয় আমেৰিকাতো যথেষ্ট সমাদৃত হৈছিল ৷ তেওঁৰ ‘‘চাইক্লিক ভেক্টৰ মেকৰ’ইক’নোমিক’’ তত্বই সমগ্ৰ বিশ্বজুৰি সুখ্যাতি অৰ্জন কৰিছিল৷

তেওঁ শিক্ষকসকলক ভুল নীতি নিশিকাবলৈ আহ্বান জনাইছিলঃ
তেওঁ নিজৰ ছাত্ৰাৱস্থাত সকলো নিয়মেই ভংগ কৰিছিল ৷ 1977 চনত বশিষ্ঠ নাৰায়ণ সিঙ ক্ৰিজোফ্ৰেনীয়া নামৰ এক মানসিক ৰোগে দেখা দিছিল ৷ তেওঁ পাটনা বিজ্ঞান কলেজত পঢ়ি থকাৰ সময়ত শিক্ষকসকলক ভুল বুলি বিবেচিত কৰাৰ সময়তে মানসিক ৰোগ সম্পৰ্কে ধৰা পৰিছিল ৷

তেওঁৰ কৰ্মই তেওঁক বিশ্ববিখ্যাত কৰিছিলঃ
বশিষ্ঠ নাৰায়ণ সিঙে 1963 চনত গৱেষণাৰ বাবে কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ত যোগদান কৰিছিল ৷ 1969 চনত তেওঁ নিজৰ গৱেষণা পত্ৰ লাভ কৰাৰ পিচতে তেওঁৰ গৱেষণাই সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছিল ৷ তেওঁ পিচত ৱাশ্বিংটনত গণিতৰ অধ্যপক হিচাপে যোগদান কৰিছিল ৷ তাৰপিচত তেওঁ ভাৰতলৈ ঘূৰি আহি আই.আই.টি কাণপুৰ আৰু ভাৰতীয় পাৰিসাংখ্যিক প্ৰতিষ্ঠানত শিক্ষক হিচাপে যোগদান কৰিছিল ৷

1973 চনত বন্দনা ৰাণীৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল ৷ 1978 চনৰ পৰা তেওঁৰ মানসিক ৰোগে অধিক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে ৷ আকৌ 2013 চনত তেওঁক মাধেপুৰাৰ ভূপেন্দ্ৰ নাৰায়ণ মণ্ডল বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত হয় ৷ বশিষ্ঠ নাৰায়ণ সিঙে মৃত্যুৰ পিচত তেওঁৰ অসংখ্য গণিতৰ ফৰ্মূলা তথা কেইবাখনো কিতাপ বিশ্বক দি গ'ল ৷ তেওঁৰ মৃত্যুৱে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে ৷

আৰু পঢ়কঃ ভাৰত চীন সম্পৰ্কই নতুন শক্তি আৰু নতুন দিশ লাভ কৰিছেঃ মোদী

Dear Sujeet, 

Please find attached the translation. 

Thank you,
--
Best Regards,

Sarah Husain
Last Updated : Nov 17, 2019, 5:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.