নিউজ ডেস্ক, 20 ডিচেম্বৰ: নিয়ন্ত্ৰক অনিশ্চয়তা ভাৰতৰ অৰ্থনৈতিক অৱনমনৰ এক মুখ্য কাৰণ ৷ এইবুলি ব্যক্ত কৰে আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে ৷ লগতে এখন অৰ্থনীতিৰ উন্নয়নৰ বাবে যদিও সংশোধনৰ প্ৰয়োজন,কিন্তু এই সংশোধনত স্পষ্টতা আৰু নিশ্চয়তা থকাটো অতি জৰুৰী বুলিও প্ৰকাশ কৰে অৰ্থনীতিবিদ গৰাকীয়ে ৷
![Etv Bharat Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5437849_lieseconmydngr.jpg)
তেওঁ কয় যে,''নিয়ন্ত্ৰক অনিশ্চয়তাই ভাৰতৰ অৰ্থনীতিত এক মুখ্য ভূমিকা পালন কৰে৷ আৰু এই বিষয়টো গুৰুত্বসহকাৰে লোৱাটোও অতি প্ৰয়োজন৷ অৰ্থনীতিত সংশোধনৰ প্ৰয়োজন, মাথো জৰুৰী এই সংশোধনত স্পষ্টতা আৰু নিশ্চয়তা থকাটো ৷ অৰ্থনীতিবিদসকলেও সংশোধন বিচাৰে ৷'' চেম্বাৰচ অফ কমাৰ্চৰ 92 সংখ্যক অধিবেশনত এই কথা ব্যক্ত কৰে আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে ৷
সামগ্ৰী আৰু সেৱা কৰ,যিটো ভাৰতৰ কৰ সংশোধনৰ ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ,অৰ্থনীতিত স্পষ্টতা আৰু নিশ্চয়তা আনিবলৈ ভৱিষ্যতলৈও এনে ধৰণৰ পদক্ষেপ গ্ৰহণ বহু সহায়ক হ'ব বুলিও প্ৰকাশ কৰে অৰ্থনীতিবিদ গৰাকীয়ে ৷
2019-20 বৰ্ষৰ প্ৰথম আৰু দ্বিতীয় ত্ৰিমাসিকত অৰ্থনৈতিক অৱনমন হ'ব যদিও তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত অৰ্থনীতি উন্নীত হোৱাৰ আশা কৰা হৈছে ৷ কিন্তু বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ উন্নতি দেখা পোৱা যোৱা নাই অৰ্থনীতিত৷ সেয়েহে 2020 বৰ্ষৰ জানুৱাৰী মাহত ইয়াৰ পুনৰীক্ষণ কৰা হ'ব বুলি প্ৰকাশ কৰে অৰ্থনীতিবিদ গীতা গোপীনাথে ৷
লগতে পঢ়কঃনিজৰ মত প্ৰকাশ কৰাটো গণতান্ত্ৰিক অধিকাৰঃ ফাৰহান আখটাৰ