নিউজ ডেস্ক, 27 এপ্ৰিল: ভাৰতীয় ৰিজাৰ্ভ বেংকে চেন্ট্ৰেল বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্বাক্ষৰিত আৰু মহাত্মা গান্ধী(নতুন) ছিৰিজৰ 20 টকীয়া নোট প্ৰচলনৰ কথা ঘোষণা কৰিছে ৷ এই নতুন নোটখন হালধীয়া আৰু সেউজীয়া ৰঙৰ সংমিশ্ৰণত প্ৰকাশ পাব বুলি ৰিজাৰ্ভ বেংকৰ বিবৃতিত জানিবলৈ দিয়ে ৷ এই নোটখনৰ ওলোটা পিঠিত ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যবহনকাৰী ইলোৰা গুহাৰ ফটো থাকিব বুলি জনায় বিবৃতিটোৱে ৷
ইয়াৰ লগতে পূৰ্বৰ 20 টকীয়া নোটৰ ছিৰিজৰ প্ৰচলনো চলি থাকিব বুলি জনোৱা হৈছে ৷ দুয়োপিঠিত একে ৰং খচিত এই নোটখন দীঘে পথালিয়ে 129 x 63 মি.মি. হ'ব ৷