নিউজ ডেস্ক, ২১ জুলাইঃ বন্ধুত্ব সুলভ ব্যৱহাৰ আৰু নিজৰ সাজসজ্জাৰ বাবে বলিউড জগত তথা অনুৰাগীৰ মাজত বিশেষ জনপ্ৰিয় ৰামলীলাৰ অভিনেতা ৰণবীৰ সিং । এই অভিনেতা গৰাকীয়ে সোমবাৰে ইষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে এখন বিশেষ ছবি । ছবিখনত অভিনেতা গৰাকীয়ে কৰা হেয়াৰ ষ্টাইল তেখেতৰ পত্নী তথা বলিউডৰ মোহময়ী অভিনেত্ৰী দিপিকা পাডুকনে কৰা বুলি ইষ্টাগ্ৰামত পোষ্ট কৰে অভিনেতা জনে । ইষ্টাগ্ৰামত ৩৫ বছৰীয়া ৰণবীৰে ছবিখনৰ সৈতে "Hair by: @deepikapadukone," বুলি পোষ্ট কৰে ।
লগতে পত্নী দিপিকাই কৰি দিয়া হেয়াৰ ষ্টাইল জাপানৰ অভিনেতা টছীৰো মিফিউনে ১৯৬১ চনৰ ছমুৰাই ছবি "য়োজিমম্বো"ত কৰা হেয়াৰ ষ্টাইলৰ লগত সাদৃশ্য় আছে বুলি মত প্ৰকাশ কৰে । লগতে দিপিকাই কৰি দিয়া হেয়াৰ ষ্টাইল ৰণবীৰৰ পছন্দ হোৱাৰ উপৰিও অনুৰাগীৰ কেনে লাগিছে বুলিও ইষ্টাগ্ৰামত প্ৰশ্ন উত্থাপন কৰে ৰণবীৰ সিঙে ।