ETV Bharat / bharat

গাঁওসমূহক COVID-19 ৰ কৱলৰ পৰা আছুতীয়াকৈ ৰাখিবলৈ প্ৰধানমন্ত্ৰী মোডীক আহ্বান ৰামোজী ৰাওৰ - COVID-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে প্ৰধানমন্ত্ৰীক তিনিটা পৰামৰ্শ আগবঢ়ায় ৰাওয়ে

প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ ৰামোডী ৰাওৰ ৷ COVID-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে প্ৰধানমন্ত্ৰীক তিনিটা পৰামৰ্শ আগবঢ়ায় ৰাওয়ে ৷

COVID-19
প্ৰধানমন্ত্ৰী মোডীৰ ভিডিঅ' কনফাৰেন্সত ৰামোজী ৰাও
author img

By

Published : Mar 24, 2020, 8:23 PM IST

নিউজ ডেস্ক, 24 মাৰ্চ : COVID-19 আতংকৰ মাজতে মঙলবাৰে নতুন দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছপা মাধ্যমৰ সাংবাদিক সকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰে ৷ এই কনফাৰেন্সত উপস্থিত থাকে ৰামোজী গ্ৰুপ অৱ কোম্পানীজৰ অধ্যক্ষ ৰামোজী ৰাও ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশক ৰক্ষা কৰিবৰ বাবে বহু গুৰুত্বপূৰ্ণ আৰু মূল্যৱান পৰামৰ্শ আগবঢ়ায় ৰামোজী ৰাওয়ে৷

প্ৰধানমন্ত্ৰী মোডীৰ ভিডিঅ' কনফাৰেন্স

দেশৰ অন্যতম আঞ্চলিক দৈনিক বাতৰিকাকত ইনাডুৰ প্ৰতিনিধি ৰামোজী ৰাওয়ে তিনিটা পৰামৰ্শ আগবঢ়ায় আৰু প্ৰধানমন্ত্ৰী মোডীয়ে এই ক্ষেত্ৰত কৃতজ্ঞতা প্ৰদৰ্শন কৰে ৷

দেশৰ মুঠ 65 শতাংশ জনসংখ্যা যিহেতু গাঁৱত বাস কৰে সেয়েহে এই লোকসকলক জৰুৰীভাৱে পৃথক কৰি এই ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷

ৰাওয়ে কয়, "আমি এইটো নিশ্চিত কৰিব লাগে যে, সকলো গাঁও পৃথকে ৰখা হৈছে ৷ সংবাদ মাধ্যমৰ জৰিয়তে এই গাঁও এই লোকসকলক অৱগত কৰোৱা হ'ব ৷ কিন্তু, মই ভাৱো যে, অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে ৷ এই 65 শতাংশ লোকক আছুতীয়াকৈ ৰাখিব পাৰিলে আমাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰা অলপ বোজা হ্ৰাস পাব ৷"

তেওঁৰ দ্বিতীয় পৰামৰ্শত ৰাওয়ে প্ৰধানমন্ত্ৰী মোীজক আহ্বান জনায় যে, ভাৰতৰ শক্তিশালী ফাৰ্মাছী উদ্যোগলৈ সহযোগিতা আগবঢ়াব লাগে আৰু COVID-19 ৰ প্ৰতিষেধক বিচাৰি উলিওৱাৰ এই প্ৰচেষ্টাত যথাযোগ্য সমৰ্থন আগবঢ়াব লাগে ৷

ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁ ইতিমধ্যেই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ফাৰ্মাছী উদ্যোগৰ সৈতে বাৰ্তালাপ কৰিছে৷ "এই ক্ষেত্ৰত সমগ্ৰ বিশ্বই ভাৰতৰ পৰা আশা ব্যক্ত কৰিছে ৷ মোৰ দৃঢ় বিশ্বাস যে, ব্যক্তিগত খণ্ডই এই ক্ষেত্ৰত বহুখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ৷"

শেষত ৰাওয়ে কয় যে, COVID-19 ৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ চীন আৰু ইটালীৰ পৰা শিক্ষাগ্ৰহণ কৰা উচিত ৷

তেওঁ কয়, "ভাৰতৰ বিশেষজ্ঞ সকলে এই কথাত গুৰুত্ব আৰোপ কৰা উচিত যে, এই দুই দেশে ভাইৰাছ বিধৰ বিৰুদ্ধে যুঁজিবৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমাৰ দেশক ইয়াৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিব পাৰো ৷"

দেশৰ 14 টা বিভিন্ন অঞ্চলৰ প্ৰায় 20 জন জ্যেষ্ঠ সাংবাদিকৰ সৈতে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল ৷ উপস্থিত সাংবাদিক সকলে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমক প্ৰতিনিধিত্ব কৰিছিল ৷

এই কনফাৰেন্সত তেওঁ সংবাদ মাধ্যমক চৰকাৰ আৰু নাগৰিকৰ মাজত যোগসূত্ৰ স্থাপন কৰিবলৈ আহ্বান জনায় ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.