নিউজ ডেস্ক, 18 আগষ্টঃ সোমবাৰে বিএছএফৰ মহানিৰ্দেশক হিচাপে নিযুক্তি গুজৰাটৰ কেডাৰৰ আইপিএছ ৰাকেশ আস্থানাক ৷ আনহাতে বিএছএফৰ বিশেষ নিৰ্দেশক হিচাপে নিযুক্তি ভিএছকে কামুদীক ৷
উল্লেখ্য যে, 1984 চনত গুজৰাটৰ কেডাৰৰ পৰা আইপিএছ বিষয়াৰ উপৰিও Bureau of Civil Aviation Security (BSAS)শীৰ্ষ পদত নিযুক্তি হৈ আছিল আস্থানা ৷ তাৰোপৰি আৰক্ষীৰ মহাপৰিদৰ্শক আৰু Narcotics Control Bureau (NCB) হিচাপেও কৰ্মৰত আছিল ৰাকেশ আস্থানা ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত মন্ত্ৰীমণ্ডলৰ নিযুক্তি সমিতিয়ে আস্থানাক 2021 চনৰ 31 জুলাইলৈকে বিএছএফৰ মহানিৰ্দেশক হিচাপে নিযুক্তি দিয়ে বুলি সদৰি কৰে ৷
লগতে পঢ়কঃ মানৱসম্পদ উন্নয়ণ মন্ত্ৰণালয়ক "শিক্ষা মন্ত্ৰণালয়"ৰে নামাকৰণৰ অনুমতি ৰাষ্ট্ৰপতিৰ