ETV Bharat / bharat

11 সদস্যক বিদায় সম্ভাষণ জনালে ৰাজ্যসভাই - ৰাজ্য়সভা

বুধবাৰে 11 গৰাকী সাংসদক বিদায় সম্ভাষণ প্ৰদান কৰে ৰাজ্যসভাই ৷ চলিত বৰ্ষৰ নৱেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিব এই 11 গৰাকী সাংসদে ৷

এম. ভেংকায়া নাইডুৰ বিদায় সম্ভাষণ
11 সদস্যক বিদায় সম্ভাষণ জনালে ৰাজ্যসভাই
author img

By

Published : Sep 23, 2020, 1:28 PM IST

নেশ্যনেল ডেস্ক, 23 ছেপ্তেম্বৰ : বুধবাৰে 11 গৰাকী সাংসদক বিদায় সম্ভাষণ প্ৰদান কৰে ৰাজ্যসভাই ৷ চলিত বৰ্ষৰ নৱেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিব এই 11 গৰাকী সাংসদে ৷

সদনৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ এম.ভেংকায়া নাইডুয়ে উল্লেখ কৰে যে,উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 11 গৰাকী সাংসদে নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব ৷ এই সকলৰ ভিতৰত উল্লেখযোগ্য হৈছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰী,সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ,বিএছপিৰ নেতা বীৰ সিং আৰু কংগ্ৰেছৰ ৰাজ বাব্বৰ ৷

তেওঁলোকৰ উপৰিও আছে : জাভেদ আলী খান (এছপি), পি. এল. পুনীয়া (কংগ্ৰেছ), ৰাজাৰাম (বিএছপি), অৰুণ সিং (বিজেপি), ৰবি প্ৰকাশ বৰ্মা (এছপি) আৰু চন্দ্ৰপাল সিং যাদৱ (এছপি) ৷

নাইডুয়ে কয় যে,পুনঃ নিৰ্বাচনৰ জৰিয়তে কিছু সংখ্যক সদস্যই সদনত পুনৰ স্থান অধিকাৰ কৰিব ৷

কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে সংসদৰ 18 দিনীয়া অধিৱেশন সংক্ষিপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বাবে বুধবাৰে বৰ্ষাকালীন অধিবেশনৰ অন্ত পৰিব ৷ উল্লেখ্য যে,পূৰ্বে 14 ছেপ্তেম্বৰৰ পৰা 1 অক্টোবৰলৈ এই অধিবেশন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

বিদায় সম্ভাষণ প্ৰদান কৰি এই সদস্যসকলে এই সম্পৰ্কত মন্তব্য কৰিব বিচাৰে নেকি বুলি নাইডুয়ে প্ৰশ্ন কৰে ৷ কিন্তু 8 জনকৈ সদস্যক বহিস্কাৰ কৰাৰ বিৰোধিতা কৰি এছপি,বিএছপি আৰু কংগ্ৰেছৰ কোনো এজন অৱসৰ গ্ৰহণ কৰিবলগা সদস্য সদনত উপস্থিত নাথাকে ৷

শেষত নাইডুয়ে কয়,"নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগা সংসদৰ সদস্য সকলৰ অনুপস্থিতি বাৰুকৈয়ে আমি মনত পেলাম ৷"

লগতে পঢ়ক : বিতৰ্কিত কৃষি বিধেয়ক : ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰিব বিৰোধী দলে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.