ETV Bharat / bharat

নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ৰাজীৱ কুমাৰে

author img

By

Published : Sep 1, 2020, 5:09 PM IST

নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে প্ৰাক্তন আমোলা ৰাজীৱ কুমাৰে। ঝাৰখণ্ড কেডাৰৰ সৰ্বভাৰতীয় সেৱা বিষয়া হিচাপে অৱসৰপ্ৰাপ্ত ৰাজীৱ কুমাৰে ২০২৪ৰ লোকসভা নিৰ্বাচনত অধ্যক্ষৰ দায়িত্ব পালন কৰিব।

নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ৰাজীৱ কুমাৰে
নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ৰাজীৱ কুমাৰে

নেশ্যনেল ডেস্ক,১ছেপ্টেম্বৰ: নিৰ্বাচনী আয়ুক্তৰ পদত নিযুক্ত হ'ল প্ৰাক্তন আমোলা তথা সৰ্বভাৰতীয় সেৱা বিষয়া ৰাজীৱ কুমাৰ। মঙলবাৰে নৱনিযুক্ত নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে প্ৰাক্তন আমোলাগৰাকীয়ে । পূৰ্বৰ নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাই এছিয়ান ডেভেলপমেণ্ট বেংকৰ উপাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত নিৰ্বাচনী আয়ুক্তৰ পদত উপবিষ্ট হয় ৰাজীৱ কুমাৰ ।

ঝাৰখণ্ড কেডাৰৰ ১৯৮৪ বৰ্ষৰ সৰ্বভাৰতীয় সেৱা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা নৱনিযুক্ত নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকাল হ'ব ৫ বছৰ। নিয়ম অনুসৰি এগৰাকী নিৰ্বাচনী আয়ুক্তৰ কাৰ্যকাল ৬ বছৰ আৰু ৬৫ বছৰ বয়সলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিব পাৰে । ৰাজীৱ কুমাৰৰ জন্ম হৈছিল ১৯৬০চনত । ৩৬ বছৰৰো অধিক সময়ৰ কাৰ্যকালত কুমাৰে প্ৰথমে বিহাৰ, তাৰ পিছত ঝাৰখণ্ডৰ কেন্দ্ৰ আৰু ৰাজ্য কেডাৰত বিভিন্ন মন্ত্ৰালয়ত সেৱা আগবঢ়াইছে । চলিত বৰ্ষত তেওঁ কেন্দ্ৰীয় বিত্ত সচিব ৰূপে অৱসৰ গ্ৰহণ কৰে আৰু ২৯ এপ্ৰিলত তেওঁক PESB ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় । ২০২৪ চনত লোকসভা নিৰ্বাচনত অধ্যক্ষৰ দায়িত্ব পালন কৰিব কুমাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.