ETV Bharat / bharat

ৰাজস্থান ৰাজনৈতিক সংকট : মুখ্যমন্ত্ৰীৰ ভাতৃ আগ্ৰাছেন গেহলটৰ বাসগৃহত তালাচী

author img

By

Published : Jul 22, 2020, 1:03 PM IST

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃ আগ্ৰাছেন গেহলটৰ বাসগৃহত ED ৰ তালাচী ৷ ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (PMLA) অধীনত সাৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত আগ্ৰাছেনৰ ঘৰত তালাচী চলোৱা হয় ৷

ৰাজস্থান ৰাজনৈতিক সংকট
মুখ্যমন্ত্ৰীৰ ভাতৃ আগ্ৰাছেন গেহলটৰ বাসগৃহত তালাচী

নেশ্যনেল ডেস্ক, 22 জুলাই : বুধবাৰে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে(ED) ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃ আগ্ৰাছেন গেহলটৰ জয়পুৰস্থিত বাসগৃহত তালাচী চলায় ৷ সাৰ কেলেংকাৰীত ধন আত্মসাতৰ গোচৰত তালাছী আগ্ৰাছেন গেহলটৰ বাসগৃহত তালাচী চলোৱা হয় ৷ ইয়াৰোপৰি, আগ্ৰাছেন গেহলটৰ মালিকাধীন জোধপুৰস্থিত 'অনুপম কৃষি' নামৰ এক কোম্পানীটো ED বিষয়াই তালাচী চলায় ৷

উল্লেখ্য যে, ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (PMLA) অধীনত ED য়ে এই গোচৰ ৰুজু কৰিছিল ৷ PMLA ৰ অধীনত ৰাজস্থানৰ ছয়টাকৈ স্থান, গুজৰাটৰ চাৰিটা, পশ্চিমবংগৰ দুটা আৰু দিল্লীৰ এটা স্থানত তালাচী চলোৱা হয় ৷

আনহাতে, মঙলবাৰে সন্ধিয়াভাগত ৰাজস্থান বিধানসভাৰ অধ্যক্ষ চি. পি. জোছী উপস্থিত হয় ৰাজ্যিক বিধানসভাত ৷ শচীন পাইলট আৰু 18 জন কংগ্ৰেছৰ বিধায়কে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন সম্পৰ্কত ন্যায়ালয়ত উপস্থিত হোৱা অধিবক্তাসকলৰ সৈতে আলোচনাত মিলিত হ'বৰ বাবে উপস্থিত হয় চি. পি. জোছী ৷

মঙলবাৰে 5.30 বজাৰ পৰা 24 জুলাই পৰ্যন্ত আদালতে জাৰি কৰা নিৰ্দেশ সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে উচ্চ ন্যায়ালয়ে অধ্যক্ষগৰাকীক আদেশ দিছিল ৷

লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক সংঘাত : মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে বিধায়িনী বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.