নিউজ ডেস্ক, ৩ জুলাইঃ জম্মু-কাশ্মীৰৰ চোপৰা জিলাত সন্ত্ৰাসবাদী সংগঠনৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা চিআৰপিফৰ হেড কনিষ্টবল দীপচান্দ বাৰ্মাৰ বৃহস্পতিবাৰে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰে অন্তিম সৎকাৰ । দীপচান্দ বাৰ্মাৰ আঠ বছৰীয়া পুত্ৰ বিনীত বাৰ্মাই গৃহ জিলা ছীকৰৰ বাউডীত সম্পন্ন কৰে অন্তিম সৎকাৰ ।
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা এটি তিনি বছৰীয়া শিশুক ৰক্ষা কৰিবলৈ যোৱা সময়তে নিজৰ প্ৰাণ ত্য়াগ কৰিব লগা হয় হেড কনিষ্টবল দীপচান্দ বাৰ্মাই ।
![ৰাজস্থানৰ ছীকৰত শেষকৃত্য সম্পন্ন শ্বহীদ দীপচান্দ বাৰ্মাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:22:35:1593737555_7869577_695_7869577_1593729336433.png)
চিআৰপিএফৰ মন্তব্য অনুসৰি,২ জুলাইৰ পুৱা ভাগত প্ৰায় ৭:৩০ বজাত চিআৰপিএফৰ ১৭৯ বেটেলিয়নৰ এক অভিযানৰ বাবে মডেল টাউন ছোপৰা উপস্থিত হয় এটি দল । আৰু যেতিয়াই সেনা জোৱানসকলে উক্ত স্থানত উপস্থিত হৈ অঞ্চলজুৰী ঘেৰাও কৰে তেতিয়াই এটি মন্দিৰৰ পিছফালৰ পৰা ধাৰসাৰ গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ এই গুলীবৰ্ষণত চিআৰপিএফৰ কনিষ্টবল ভয়া ৰাজেশ,হেড কনিষ্টবল দীপচান্দ বাৰ্মা,নিলেশ চাউদে আৰু দীপক পাটিল গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় যদিও পাচত মৃত্যু হয় হেড কনিষ্টবল দীপচান্দ বাৰ্মাৰ ।
লগতে চাওকঃ প্ৰসংগ ভাৰত-চীনঃ মেকমোহন লাইনত সষ্টম চীনা সৈন্য