জয়পুৰ, 24 জুলাই : ৰাজস্থানৰ কথুমাৰ বিধায়ক বাবুলাল বেৰৱাৰ শুকুৰবাৰে চেৱাই মানসিং চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ বাবুলাল বেৰৱা ৰাজস্থানৰ ফেৰামন হোটেলত বাহৰ পাতি থকা কংগ্ৰেছ বিধায়কসকলৰ অন্যতম আছিল ৷
কথুমাৰ বিধায়ক বাবুলাল বেহৰাৰ শুকুৰবাৰে শ্বাহ প্ৰশ্বাসত অসুবিধা হোৱাত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ বিগত মাহত ৰাজস্থানৰ ৰাজনীতিত ক্ষমতা দখলক লৈ এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিধায়িনী দলৰ বৈঠকৰো আয়োজন কৰিছিল ৷ কিন্তু বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত আছিল ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটসহ কেইবাজনো বিধায়ক ৷ অৱশেষত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই শচিন পাইলটক ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ লগতে শচীন পাইলটসহ অন্য বিধায়কসকললৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল ৷
আনহাতে ৰাজস্থানৰ বিধানসভাৰ অধ্যক্ষই শচীন পাইলটসহ 18 গৰাকী বিধায়কক বিধানসভাৰ বাবে অযোগ্য বুলি ঘোষণা কৰে ৷ ইয়াৰ পাছতেই পাইলটসহ অন্য বিধায়কসকলে এই নিৰ্দেশনাৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে ৷ আজি ৰাজস্থান উচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে হঠাত অসুস্থ হৈ পৰে কথুমাৰ বিধায়কগৰাকী ৷
দেশজুৰি দ্ৰুত গতিত কৰ'ণা সংক্ৰমণ হোৱাৰ সময়তে বিধায়কগৰাকী স্বাস্থ্য অৱনতি ঘটাত সকলো চিন্তাম্বিত হৈ পৰিছে ৷ যদিহে বিধায়কগৰাকী কৰ'ণাত আক্ৰান্ত হয়, তেন্তে বাকীসকল বিধায়কৰ কাৰণেও সেয়া চিন্তাৰ কাৰণ হৈ পৰিব ৷
লগতে পঢ়ক : আজি ৰায়দানৰ সম্ভাৱনা পাইলট বাহিনীৰ আবেদনৰ