ETV Bharat / bharat

ৰাজস্থানৰ কংগ্ৰেছ দলত অচলাৱস্থা : বিজেপিৰ বৈঠকৰ আয়োজন - প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট

ৰাজস্থানৰ ৰাজনৈতিক সংকট সম্পৰ্কত বিৰোধী বিজেপি দলে মঙলবাৰে এক বৈঠকৰ আয়োজন কৰিছে ৷ বৈঠকত উপস্থিত থাকে বহুকেইজন শীৰ্ষ বিজেপি নেতৃবিন্দ ৷

বিজেপিৰ বৈঠকৰ আয়োজন
ৰাজস্থানৰ কংগ্ৰেছ দলত অচলাৱস্থা
author img

By

Published : Jul 14, 2020, 3:39 PM IST

নেশ্যনেল ডেস্ক, 14 ডেস্ক : ৰাজস্থানৰ ৰাজনৈতিক সংকট সম্পৰ্কত বিৰোধী বিজেপি দলে মঙলবাৰে এক বৈঠকৰ আয়োজন কৰিছে ৷ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সচিব ভি. সতীশ, বিজেপিৰ ৰাজ্যিক সভাপতি সতীশ পুনিয়া,বিৰোধী নেতা গুলাব চন্দ কাটাৰিয়া আৰু ৰাজেন্দ্ৰ ৰাথোড় উপস্থিত থাকে ৷

দলৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, "ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত বিজেপিৰ নেতাসকলে আলোচনা কৰে ৷" প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট আৰু বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতে ৰাজ্যখনৰ শাসনাধীষ্ঠ কংগ্ৰেছ দলত সংকটৰ সৃষ্টি হয় ৷

2018 চনৰ ডিচেম্বৰত বিধানসভা নিৰ্বাচনৰ পাচত ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব শচীন পাইলটক দিবলৈ অস্বীকাৰ কৰাৰ বাবেই অসন্তুষ্ট হৈ পৰিছিল ৷

পাইলট আৰু তেওঁৰ সমৰ্থকে দাবী কৰিছিল যে,তেওঁৰ সমৰ্থনত 30 কংগ্ৰেছী আৰু নিৰ্দলীয় বিধায়ক আছিল ৷ আনহাতে, 109 জন কংগ্ৰেছ আৰু অন্যান্য বিধায়কে চৰকাৰক সমৰ্থন জনোৱা বুলি দাবী কৰিছিল অশোক গেহলটে ৷

উল্লেখ্য যে, 200 খনীয়া ৰাজস্থান বিধানসভাত কংগ্ৰেছৰ 107 আৰু বিজেপিৰ 72 খন আসন আছে ৷

লগতে পঢ়ক : বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত ১,৫৫০ গৰাকী, মৃত্যু ৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.