নিউজ ডেস্ক, ২ জুলাই : ৰাজস্থানৰ বাড়মেৰ জিলাত বুধবাৰে নিশা প্ৰচণ্ড বিজুলী ঢেৰকনিৰ লগত অহা ধুমুহা বৰষুণৰ ফলত দুগৰাকী শিশুৰ মৃত্যু হোৱাৰ লগতে চাৰি গৰাকী লোক গুৰুতৰভাবে আহত হয় । উক্ত ঘটনাটো শিৱ থানাৰ অন্তৰ্গত বালচেৰ গাঁৱত সংঘটিত হৈছে ।
গাঁওখনৰ মনাৰাম মেঘবাল নামৰ এজন ঘৰত ঘটনাটো সংঘটিত হৈছে । উক্ত ঘটনাৰ ফলত ৮ বছৰীয়া পুত্ৰ ললিত আৰু ১০ বছৰীয়া কন্যা কবিতাৰ মৃত্যু হয় । আনহাতে, আহত সকলক বৰ্তমান চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছে ।
