ETV Bharat / bharat

দিল্লীৰ স্বাস্থ্য বিভাগলৈ ৰেল বিভাগৰ ১০ টা আইচ'লেশ্বন দবা প্ৰদান - কোভিড ১৯

দিল্লী চৰকাৰৰ অনুৰোধত ৰেল বিভাগে প্ৰদান কৰিলে ১০ টা আইচোলেশ্বন দবা । শীঘ্ৰে এই ডবাসমূহত কোভিড ১৯ আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱাৰ সম্ভাৱনা।

isolation coach
Railway handed over 10 isolation coaches on the demand of Kejriwal government
author img

By

Published : Jun 2, 2020, 3:23 PM IST

নিউজ ডেস্ক, ২ জুনঃ কেজৰিৱাল চৰকাৰৰ অনুৰোধত ৰেল বিভাগে স্বাস্থ্য বিভাগক প্ৰদান কৰিছে ১০ টা আইচ'লেশ্বন দবা । এই ১০ টা বিশেষ আইচ'লেশ্বন দবা থকা ৰেলখন দিল্লীৰ ঠাকুৰবস্তী অঞ্চলত ৰখা হৈছে। এই বিশেষ ৰেলখনত ১৬০ জন কোভিড ১৯ আক্ৰান্ত ৰোগীক ৰখাৰ সুবিধা আছে। সম্প্ৰতি ঠাকুৰ বস্তীত থকা ৰেলখনত কোনো ৰোগীক ভৰ্তি কৰোৱা হোৱা নাই যদিও ৰোগীৰ সংখ্যা বৃদ্ধি পালে এই ডবাসমূহত ৰখাৰ সম্ভাৱনা আছে।

Railway handed over 10 isolation coaches on the demand of Kejriwal government
দিল্লীৰ স্বাস্থ্য বিভাগলৈ ৰেল বিভাগৰ ১০ টা আইচ'লেশ্বন দবা প্ৰদান
ৰাজধানী দহৰ দিল্লীত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰেল বিভাগক আইচ'লেশ্বন দবা প্ৰদানৰ বাবে অনুৰোধ জনাইছিল। ৰেল বিভাগে প্ৰথমে বিভিন্ন ৰাজ্যৰ চৰকাৰৰ প্ৰয়োজন অনুসৰি এই দবাসমূহ আগবঢ়োৱা হ'ব বুলি বিজ্ঞপ্তি জাৰী কৰিছিল। ইয়াৰ বাবে নিযুক্তি দিয়া হৈছিল এগৰাকী ন'ডেল বিষয়া। ৰেল বিভাগৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি, এই বিশেষ ৰেলসমূহ দিল্লীৰ বিভিন্ন ঠাইত ৰখা হৈছে। আইচ'লেশ্বন দবাযুক্ত ৰেলসমূহৰ বহা চীটৰ পৰা শৌচালয়লৈকে সকলো সলনি কৰা হৈছে।

লগতে চাওকঃ নগাঁও আৰু নলবাৰীত আতংকঃ ৰাজপথত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.