নিউজ ডেস্ক, 27 জানুৱাৰীঃ প্ৰায় প্ৰতিজন লোকৰ জীৱনত ৰে'লৱে'য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰাত ৰে'লে সহায় কৰে ৷ এই কথাৰ গুৰুত্ব বুজিয়েই ভাৰত চৰকাৰে বাজেটৰ সিংহভাগ ভাৰতীয় ৰে'লৰ উন্নয়ন আৰু বহনক্ষমতাৰ বাবে নিৰ্ধাৰণ কৰে ৷ কিন্তু ৰে'ল বিভাগে প্ৰথমাৱস্থাত পৃথকভাৱে বাজেট প্ৰস্তুত কৰিছিল ৷
কিন্তু 2017 বৰ্ষৰ পৰা ৰে'ল বাজেটক সাধাৰণ বাজেটৰ অন্তৰ্ভুক্ত কৰা হয় ৷ 1924 চনৰ পৰা 2016 চনলৈকে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰণালয়ৰ দ্বাৰা ৰে'লৱে বাজেট পৃথককৈ উত্থাপন কৰা হৈছিল ৷ মোডী চৰকাৰে 2016 চনত ৰে'ল বাজেটক সাধাৰণ বাজেটৰ অন্তৰ্ভুক্ত কৰিছে ৷ 92 বছৰীয়া পুৰণি অনুশীলনৰ সমাপ্তি ঘটায় কেবিনেটে এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰে ৷
সুৰেশ প্ৰভূৱে শেষবাৰৰ বাবে 2016 চনৰ 25 ফেব্ৰুৱাৰীত ৰে'ল বাজেট উত্থাপন কৰিছিল ৷ অৰুণ জেটলী হৈছে প্ৰথমগৰাকী বিত্তমন্ত্ৰী, যি 2017 চনৰ 1 ফেব্ৰুৱাৰীত সংযুক্ত বাজেট সংসদত উত্থাপন কৰিছিল ৷ 1860 চনৰ পৰা 1920 চনলৈ কেৱল এখন বাজেটহে সংসদত উত্থাপন হৈছিল ৷ কিন্তু বাজেটত ৰে'ল বিভাগৰ বাবে নিৰ্ধাৰিত পুঁজিৰ অংশ যঠেষ্ট হোৱা বাবে 1924 চনত এখন পৃথক বাজেট প্ৰস্তুত কৰা হৈছিল ৷
1921 চনত দহগৰাকী সদস্যৰে ACWORTH COMITTEE গঠন কৰা হৈছিল ৷ এই কমিটিৰ গুৰি ধৰিছিল বৃটিছ অৰ্থনীতিবিদ ছাৰ উইলিয়াম মিটচেল অকৱৰ্থে ৷ এই কমিটিখনে এখন পৃথক ৰে'ল বাজেটৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল ৷ 1924 চনত এই প্ৰস্তাৱ গৃহীত কৰা হয় ৷ বিগত 92 বছৰত প্ৰতিৰক্ষা, পথ-যাতায়াত, ঘাইপথ, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আদি বিভিন্ন খণ্ডসমূহত হোৱা বিনিয়োগে ৰে'লৱে বাজেটৰ বিনিয়োগক অতিক্ৰম কৰি এই বাজেটখনক সাধাৰণ বাজেটৰ অন্তৰ্ভুক্ত হোৱাত সহায় কৰিছে ৷ সেইসময়ৰ নীতি আয়োগৰ সদস্য বিবেক দেৱৰয়ে পৃথকে ৰে'ল বাজেট উত্থাপন কৰা প্ৰক্ৰিয়াৰ অৱসান ঘটোৱাৰ প্ৰস্তাৱ আগবঢ়োৱাত আগভাগ লৈছিল ৷
ইয়াৰ পিছত 2016 চনৰ আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত বিত্ত বিভাগে পাঁচজনীয়া কমিটী গঠন কৰি 31 আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে আহ্বান জনায় আৰু অৱশেষত দুয়োখন বাজেট চামিল কৰি এখন কৰা হয় ৷
লগতে পঢ়ক ঃ বৈদ্যুতিক বাহন উৎপাদনৰ ক্ষেত্ৰত ষ্টীলে ভাৰতৰ গোলকীয় মাৰ্গ প্ৰশস্ত কৰিব