নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : বিহাৰত গৰম হৈছে নিৰ্বাচনী বতাহ ৷ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিহাৰৰ বিধান সভা নিৰ্বাচন ৷ 28 অক্টোবৰ, 3 নবেম্বৰ আৰু 7 নবেম্বৰত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷ আনহাতে বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব 10 নবেম্বৰত ৷ বিহাৰ নিৰ্বাচনক লৈ এতিয়া তৎপৰ হোৱা দেখা গৈছে শাসকীয় দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছক ৷ স্থানীয় দল জনতা দল ইউনাইটেড, ৰাষ্ট্ৰীয় জনতা দল, লোক জনতা পাৰ্টীও সমানে নামি পৰিছে নিৰ্বাচনী ৰণত ৷
ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্য অহা 28 অক্টোবৰত বিহাৰৰ দুটা জন সমদলত অংশ ল’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ বাল্মিকীনগৰ আৰু কুশেশ্বৰত অনুষ্ঠিত হ’ব লগীয়া জন সমদল দুটাত অংশ ল’ব নেতাগৰাকীয়ে ৷
বিহাৰৰ শাসনাধিষ্ঠ দল জনতা দল ইউনাইটেড আৰু আন দুটা আঞ্চলিক দলৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি দল ৷ আনহাতে লালু প্ৰসাদ যাদৱৰ দল ৰাষ্ট্ৰীয় জনতা দল আৰু বাওপন্থীক লগত লৈ নিৰ্বাচনত নামিছে কংগ্ৰেছ ৷
লগতে পঢ়ক : হিমাচল প্ৰদেশত আৰম্ভ হৈছে বছৰটোৰ প্ৰথম তুষাৰপাত