ETV Bharat / bharat

মেহবুবা মুফটিৰ গৃহবন্দীৰ ম্যাদ পুনৰ 3 মাহলৈ বৃদ্ধিঃ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 2, 2020, 4:51 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে 31 জুলাইত পীপলছ ডেমোক্রেটিক ফ্রন্টৰ অধ্য়ক্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ গৃহবন্দী 3 মাহৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে ৷ উক্ত বিষয় সন্দৰ্ভত দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, নেতা গৰাকীক চৰকাৰে গৃহবন্দী কৰি ৰখাতো সম্পূৰ্ণ অসংবিধানিক আৰু অগণতান্ত্ৰিক ৷

Rahul Gandhi terms Mehbooba Mufti's detention illegal, says she should be released
মেহবুবা মুফটিৰ গৃহবন্দীৰ ম্যাদ পুনৰ 3 মাহলৈ বৃদ্ধিঃ ৰাহুল গান্ধীৰ প্ৰতিক্ৰীয়া

নিউজ ডেস্ক, 2 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে 31 জুলাইত পীপলছ ডেমোক্রেটিক ফ্রন্টৰ অধ্য়ক্ষ তথা জম্বু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ গৃহবন্দীৰ ম্যাদ 3 মাহৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে ৷ উক্ত বিষয় সন্দৰ্ভত দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, নেতা গৰাকীক চৰকাৰে গৃহবন্দী কৰি ৰখাতো সম্পূৰ্ণ অসংবিধানিক আৰু অগণতান্ত্ৰিক ৷ গতিকে, অনতিপলমে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক মুকলি কৰি দিয়াৰ দাবী উখাপন কৰিছে ৷

দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক টুইটত এই সন্দৰ্ভত উল্লেখ কৰি কয় যে, নেতা গৰাকীক এনেকৈ গৃহবন্দী কৰি ৰখাতো ভাৰতৰ লোকতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ ৷ লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে অবৈধভাবে ৰাজনৈতিক নেতা সকলক গৃহবন্দী কৰি ৰখা বুলিও কংগ্ৰেছ নেতা গৰাকীয়ে উল্লেখ কৰে ৷

কংগ্ৰেছ নেতা গৰাকীয়ে আকৌ উল্লেখ কৰি কয় যে, যোৱা বছৰৰ 5 আগষ্টৰ পৰা গৃহবন্দী কৰি ৰখা পীপলছ কনফাৰেন্সৰ সভাপতি তথা ৰাজ্যখনৰ প্রাক্তন মন্ত্রী ছাজাদ ল’নক মুক্তি দিয়া হয় ৷ গৃহবন্দীত্বৰ এবছৰ সম্পূর্ণ হ’বলৈ 5 দিন বাকী থকা অৱস্থাত ল’নক মুক্তি দিয়া হয় বুলি উল্লেখ কৰে ৷

গৃহ বিভাগৰ মুখ্য সচিব শালীন কাবৰাৰ দ্ধাৰা জাৰি কৰা এক নিৰ্দেশনাত প্ৰকাশ কৰা হৈছিল যে, ৰাজহুৱা সুৰক্ষা আইন নামৰ কঠোৰ আইনখনৰ অধীনত তেওঁক বন্দী কৰি ৰখা হৈছে ৷ তেওঁক প্রথমতে এই আইনখনৰ অধীনত আটক কৰা হৈছিল ৷ তেওঁৰ বিৰুদ্ধে অভিযোগৰ বর্তমানৰ ম্যাদ 5 আগষ্টত শেষ হোৱাৰ কথা আছিল কিন্তু পুনৰ 3 মাহৰ বাবে সময়সীমা বৃদ্ধি কৰা হৈছে ৷ চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চৰকাৰী বাসগৃহত তেওঁক গৃহবন্দী কৰি ৰখা হৈছে বুলিও নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে ৷

উল্লেখ্য যে, 2019 চনৰ 5 আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিক ৰাজ্যখনৰ দুগৰাকী অন্য মুখ্যমন্ত্ৰী ফাৰুক আব্দুলা আৰু ওমৰ আব্দুলাৰ লগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ য'ত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 370 আৰু 35 (B) বাতিল কৰি জম্বু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদাৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰা হৈছিল ৷

আনহাতে, মেহবুবা মুফটিৰ মুকলি প্ৰসংগত ৰাহুল গান্ধীৰ লগতে শনিবাৰে কংগ্ৰেছৰ জেষ্ঠ নেতা পি. চিদাৰম্বৰমেও প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে, চৰকাৰে আইনৰ সুৰুঙা লৈ অবৈধভাবে নেতা গৰাকীক গৃহবন্দী কৰি ৰখাতো উচিত হোৱা নাই বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক : তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতক চিকিৎসালয়ত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.