নেশ্যনেল ডেস্ক,৮ ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া বাজেট সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছে । সোমবাৰে গান্ধীয়ে টুইটযোগে অভিযোগ উত্থাপন কৰিছে যে কেন্দ্ৰই যুৱ প্ৰজন্ম আৰু কৃষকক উপেক্ষা কৰিছে । লগতে বাজেটত সৈনিকৰ পেঞ্চনৰ ধনৰ পৰিমাণ হ্ৰাস কৰাক কাৰ্যকো তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে কটাক্ষ কৰে যে, কৃষক অথবা যুৱ প্ৰজন্ম নহয়, কেন্দ্ৰীয় চৰকাৰৰ মাত্ৰ ৩-৪ জন উদ্যোগপতি বন্ধু আছে, যি তেওঁলোকৰ বাবে ভগৱান সদৃশ ।
-
बजट में सैनिकों की पेंशन में कटौती।
— Rahul Gandhi (@RahulGandhi) February 8, 2021 " class="align-text-top noRightClick twitterSection" data="
ना जवान ना किसान
मोदी सरकार के लिए
3-4 उद्योगपति मित्र ही भगवान!
">बजट में सैनिकों की पेंशन में कटौती।
— Rahul Gandhi (@RahulGandhi) February 8, 2021
ना जवान ना किसान
मोदी सरकार के लिए
3-4 उद्योगपति मित्र ही भगवान!बजट में सैनिकों की पेंशन में कटौती।
— Rahul Gandhi (@RahulGandhi) February 8, 2021
ना जवान ना किसान
मोदी सरकार के लिए
3-4 उद्योगपति मित्र ही भगवान!
পূৰ্বে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কৈছিল যে, চৰকাৰে কাপুৰুষৰ দৰে কাম কৰিছে । কংগ্ৰেছ নেতাগৰাকীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাষণ প্ৰসংগত ব্যক্তিগত কোম্পানীৰ নাম বাৰে বাৰে লোৱা বিষয়টো উত্থাপন কৰি কয় যে, বিত্ত মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম ৬ বাৰ, ব্যক্তিগত কোম্পানীৰ নাম ১৭ বাৰ লৈছিল । কিন্তু চলিত মাহৰ ১ তাৰিখে সংসদত ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰা বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা অথবা চীনৰ প্ৰসংগ এবাৰো উত্থাপন নকৰিলে ।
লগতে পঢ়ক:দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত মন্তব্য প্ৰকাশ জাভেদকাৰৰ