ETV Bharat / bharat

দিল্লীত টেক্সি চালকৰ সৈতে ৰাহুল গান্ধীৰ বাৰ্তালাপ - ৰাহুল গান্ধী

প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে লকডাউন প্ৰসংগত বাৰ্তালাপ কৰে দিল্লীৰ টেক্সিচালকৰ সৈতে । চালকসকলৰ সামগ্ৰিক অৱস্থা সম্পৰ্কে বুজ লয় ৰাহুল গান্ধীয়ে ।

দিল্লীত টেক্সি চালকৰ সৈতে ৰাহুল গান্ধীৰ বাৰ্তালাপ

author img

By

Published : May 25, 2020, 3:15 PM IST

নিউজ ডেস্ক, 25 মে': প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে দিল্লীৰ টেক্সিচালক সকলৰ সৈতে সোমবাৰে বাৰ্তালাপত মিলিত হয় । কৰ'ণা ভাইৰাছৰ সংকটময় সময় আৰু লকডাউনৰ বাবে উদ্ভৱ হোৱা তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে বুজ লয় নেতাগৰাকীয়ে ।

এগৰাকী টেক্সিচালকে কয় যে, তেওঁ উবেৰত কৰ্মৰত আছিল । কিন্তু উবেৰে ব্যয় হ্ৰাসৰ বাবে 35 শতাংশ শ্ৰমিকক চাকৰিৰ পৰা খেদি দিয়ে । এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, মহামাৰীয়ে অট'মবাইল কোম্পানীক বহু পৰিমানে প্ৰভাৱিত কৰিছে আৰু সেয়েহে বহু টেক্সিচালকৰ চাকৰি যোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে শ্ৰমিকসকলৰ সৈতেও সুখদেৱ বিহাৰ উৰণীয়া সেতুৰ তলত বাৰ্তালাপত মিলিত হৈছিল । শ-শ কিল'মিটাৰ খোজ কাঢ়ি অহা শ্ৰমিকসকলৰ অৱস্থাৰ বুজ লৈছিল নেতাগৰাকীয়ে ।

কংগ্ৰেছ দলে কিছু দিন পূৰ্বে এখন তথ্য চিত্ৰ প্ৰকাশ কৰিছিল য'ত ৰাহুল গান্ধীয়ে শ্ৰমিকৰ সৈতে কথা পাতিছিল আৰু চৰকাৰক প্ৰতিজন শ্ৰমিকৰ একাউন্টত 7500 টকাকৈ প্ৰত্যক্ষ হস্তান্তৰৰ বাবে আহ্বান জনাইছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.