নিউজ ডেস্ক, 31 মাৰ্চ : নিৰ্বাচনী ৰণডংকা বজাই আজি অন্ধ্ৰপ্ৰদেশত এক বিশাল নিৰ্বাচনী গণসভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷ শাসনত অধিষ্ঠিত হ'লেই অন্ধ্ৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাহুল গান্ধীয়ে ৷ এই সভাতেই পাঁচ বছৰে উন্নয়নৰ নামত কেৱল বুকুহে ফিন্দোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিক ভেঙুচালি আখ্যা দিয়ে ৰাহুলে ৷
দেশৰ শাসনভাৰ লাভ কৰিলে কংগ্ৰেছে দেশৰ প্ৰত্যেকজন ব্যক্তিৰে উন্নয়নত গুৰুত্ব আৰোপ কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাহুল গান্ধীয়ে ৷ নিবনুৱা সমস্যা সমাধানৰ বাবে আম্বানীৰ নিচিনা ব্যৱসায়ীক প্ৰদান কৰা ধন উভতাই আনি যুৱ ব্যৱসায়ী সকলে স্বাধীন ব্যৱসায় প্ৰতিষ্ঠা কৰাৰো সুযোগ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাহুল গান্ধীয়ে ৷ ইয়াৰ লগতে দেশৰ 20 শতাংশ দৰিদ্ৰ পৰিয়ালক বাৰ্ষিক 72,000 টকাকৈ প্ৰদান কৰি 5 কোটি জনসাধাৰণক উপকৃত কৰাৰো আশ্বাস প্ৰদান কৰে কংগ্ৰেছৰ অধ্যক্ষ গৰাকীয়ে ৷