নিউজ ডেস্ক, 14 জুলাই : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ লাডাখৰ পৰিস্থিতি সন্দৰ্ভত সমালোচনা কৰে বিজেপি চৰকাৰক ৷ ইয়াৰ লগতে তেওঁ কয় যে, দেশে ইয়াৰ বাবে বৃহৎ মূল্য ভৰিব লাগিব ৷ টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে, ‘‘ ভাৰত চৰকাৰে লাডাখত চীনৰ মনোভাৱৰ মুখামুখি হ’বলৈ ভয় কৰে ৷ সেইস্থানৰ তথ্যই চীন যে সাজু হৈ আছে আৰু স্থিতি গ্ৰহণ কৰিছে সেইয়া স্পষ্ট কৰে’’ ৷ তাৰোপৰি তেওঁ কয় যে, নিৰুৎসাহ আৰু সংবাদ মাধ্যমৰ মৌনতাৰ বাবে ভাৰতে বৃহৎ মূল্য বহন কৰিব লাগিব ৷ লাডাখৰ সীমান্ত অঞ্চলৰ পৰিস্থিতি সন্দৰ্ভত ৰাহুল গান্ধীয়ে চৰকাৰৰ লগতে নৰেন্দ্ৰ মোডীকো কঠোৰ সমালোচনা কৰে ৷
-
GOI is scared to face up to Chinese intentions in Ladakh.
— Rahul Gandhi (@RahulGandhi) August 14, 2020 " class="align-text-top noRightClick twitterSection" data="
Evidence on the ground indicates that China is preparing and positioning itself.
PM’s personal lack of courage and the media’s silence will result in India paying a huge price.
">GOI is scared to face up to Chinese intentions in Ladakh.
— Rahul Gandhi (@RahulGandhi) August 14, 2020
Evidence on the ground indicates that China is preparing and positioning itself.
PM’s personal lack of courage and the media’s silence will result in India paying a huge price.GOI is scared to face up to Chinese intentions in Ladakh.
— Rahul Gandhi (@RahulGandhi) August 14, 2020
Evidence on the ground indicates that China is preparing and positioning itself.
PM’s personal lack of courage and the media’s silence will result in India paying a huge price.
ইয়াৰ পূৰ্বে চীনে ভাৰতক সকলো ধৰণৰ উচতনিমূলক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল, যাতে পুনৰ কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় ৷ পূৱ লাডাখৰ গালৱান উপত্যকাস্থিত ভাৰত-চীন সীমান্তত দুয়ো দেশৰ সেনাৰ মাজত হোৱা হতাহতিত কুৰিজন ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ কেইমাহমান পাচত দুয়োপক্ষক ৰহস্যজনক ভূমিকাৰ পৰিৱৰ্তে বিশ্বাস গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে চীনা ৰাষ্ট্ৰদূতে ৷ চাইনা-ইণ্ডিয়া ৰিভিউ শীৰ্ষক এটি লেখাত এই মত প্ৰকাশ কৰিছে চীনা ৰাষ্ট্ৰদূত চান ৱেইদঙে ৷ তেওঁ কয় যে, যিকোনো সম্পৰ্কত উত্থান-পতন থাকেই, ভাৰত-চীনৰ সম্পৰ্ক পিচুওৱাতকৈ আগুৱাই যোৱা উচিত ৷
চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰীয়ে শুকুৰবাৰে চীনৰ চেন্ট্ৰেল মিলিটেৰী কমিচনৰ ইন্টাৰনেশ্যনেল মিলিটেৰী কৰ্পৰেশ্বনৰ মুৰব্বী মেজৰ চি গোৱেইৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ যোৱা মাহত ভাৰত আৰু চীনৰ মেজৰ জেনেৰল পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হৈছিল দৌলত বাগ ওল্ডি অঞ্চলত ৷ য’ত লাইন অৱ এস্কুৱেল কন্ট্ৰ’লত চীনা পক্ষৰ সৈতে লাডাখত সংঘটিত ঘটনা সন্দৰ্ভত আলোচনা কৰা হয় ৷
লগতে পঢ়ক : স্বাধীনতা দিৱস উপলক্ষে বৰপেটাত SSB জোৱান আৰু আৰক্ষীৰ ৰোড মাৰ্চ