ETV Bharat / bharat

পুলৱামা আক্ৰমণৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ

author img

By

Published : Jul 3, 2020, 9:06 AM IST

বুদগামৰ 25 বৰ্ষীয় মহম্মদ ইকবাল ৰাথাৰক গ্ৰেপ্তাৰ ৷ জইছ-ই-মহম্মদৰ সৈতে জড়িত ৰাথাৰ ৷ ৰাথাৰক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷

মহম্মদ ইকবাল ৰাথাৰক গ্ৰেপ্তাৰ
পুলৱামা আক্ৰমণৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 3 জুলাই : বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA) পুলৱামা আক্ৰমণৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ জম্মু-কাশ্মীৰৰ বুদগামৰ 25 বৰ্ষীয় মহম্মদ ইকবাল ৰাথাৰক জইছ-ই-মহম্মদৰ সদস্য মহম্মদ ওমৰ ফাৰুকক আশ্ৰয় প্ৰদান কৰাৰ লগতে আক্ৰমণৰ ষড়যন্ত্ৰ কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে ৷

NIA ৰ মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি, ফাৰুকে আন কেইজনৰ সৈতে পুলৱামা আক্ৰমণত ব্যৱহাৰ হোৱা IED সংগ্ৰহ কৰাত সহযোগিতা আগবঢ়াইছিল ৷ উল্লেখ্য যে,2019 বৰ্ষৰ ফেব্ৰুৱাৰীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 40 জনকৈ ভাৰতীয় চিআৰপিএফ জোৱানে প্ৰাণ হেৰুৱাইছিল ৷

ৰাথাৰ 2018 চনৰ ছেপ্তেম্বৰ মাহৰ পৰা JeM ৰ সৈতে জড়িত অন্য এক ঘটনাৰ বাবে ন্যায়িক জিম্মাত আছিল ৷ বৃহস্পতিবাৰে জম্মুস্থিত NIAৰ বিশেষ আদালতত ৰাথাৰক হাজিৰ কৰা হয় ৷ ইয়াৰ পাচতে ৰাথাৰক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.