ETV Bharat / bharat

ধনৰ বিনিময়ত কৰ'ণাৰ নিগেটিভ ৰিপো'ৰ্ট দিয়া চিকিৎসালয়ৰ পঞ্জীয়ন বাতিল - পঞ্জীয়ন বাতিল

উত্তৰ প্ৰদেশৰ মীৰাট জিলাত সোমবাৰে এখন ব্যক্তিগত চিকিৎসালয়ৰ পঞ্জীয়ন প্ৰশাসনে বাতিল কৰিবলৈ বাধ্য হয় । অভিযোগ অনুসৰি, চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে টকাৰ বিনিয়মত কৰ'ণা ভাইৰাছৰ ৰিপ'ৰ্ট নিগেটিভ দিয়া বুলি এক অভিযোগ উখাপন হৈছিল । বৰ্তমানে তীব্ৰ গতিত তদন্ত অব্যাহত থকা বুলি দণ্ডাধীশ গৰাকীয়ে জানিব দিয়ে ।

private-hospital-sealed-for-offering-fake-corona-negative-report

author img

By

Published : Jul 6, 2020, 5:56 PM IST

নিউজ ডেস্ক, ৬ জুলাই : উত্তৰ প্ৰদেশৰ মীৰাট জিলাত সোমবাৰে এখন ব্যক্তিগত চিকিৎসালয়ৰ পঞ্জীয়ন প্ৰশাসনে বাতিল কৰিবলৈ বাধ্য হয় । অভিযোগ অনুসৰি, চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে টকাৰ বিনিয়মত কৰ'ণা ভাইৰাছৰ ৰিপো'ৰ্ট নিগেটিভ প্ৰদান কৰি আহিছিল । ইতিমধ্যে ছ'চিয়েল মিডিয়াত চিকিৎসালয়খনৰ এই সম্পৰ্কত এটা ভিডি'অ ভাইৰেল হৈ পৰিছে ।

জিলা দণ্ডাধীশ গৰাকীয়ে জনোৱা অনুসৰি, চিকিৎসালয়খনৰ এটা ভিডি'অ ভাইৰেল হৈছিল আৰু সেই সম্পৰ্কত আমি গোচৰ ৰুজু কৰিছিলো । ইতিমধ্যে, চিকিৎসালয়খনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে চিকিৎসালয়খন বন্ধ কৰি দিয়া হৈছে । বৰ্তমানে তীব্ৰ গতিত তদন্ত অব্যাহত থকা বুলি দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিয়ে ।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডি'অটোত চিকিৎসালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে ২৫ হাজাৰ টকাৰ বিনিময়ত ৰিপো'ৰ্ট নিগেটিভ প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে ।

জিলাখনৰ মুখ্য চিকিৎসা বিষয়া ড৹ ৰাজ কুমাৰে জনাই যে, ইতিমধ্যে ব্যক্তিজনক চিনাক্ত কৰি তদন্ত চলাই থকা হৈছে । যাৰ জৰিয়তে এইটো প্ৰমাণিত হয় যে, টকাৰ বিনিময়ত চিকিৎসালয়খনে কৰ'ণা নিগেটিভ ৰিপ'ৰ্ট প্ৰদান কৰি আহিছে ।

উল্লেখযোগ্য যে, জিলাখনত বৰ্তমানলৈ ১,১১৭ জন ৰোগী ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ৬৯ জনৰ মৃত্যু হৈছে । একেদৰে উত্তৰ প্ৰদেশত ২৮,০৬১ জন আক্ৰান্ত হোৱাৰ লগতে ৭৮৫ জনে মৃত্যু বৰণ কৰিছে ।

দেওবাৰৰ তথ্য অনুসৰি, ২৭৮৫ জন আক্ৰান্তৰ সৈতে গৌতম বুদ্ধ নগৰ প্ৰথম, ২২২৪ জন ৰোগীৰ সৈতে গাজিয়াবাদ দ্বিতীয়, ১৪৪৮ জনৰ সৈতে লক্ষ্ণৌ তৃতীয়, ১৩৬৪ জনৰ সৈতে কানপুৰ চতুৰ্থ স্থানত আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.