ETV Bharat / bharat

শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী, উপ ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jul 6, 2020, 3:14 PM IST

উপ ৰাষ্ট্ৰপতি ভেকাংয়া নাইডুয়ে শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তীৰ দিনটোত তেখেতক স্মৰণ কৰে । মাতৃভূমিৰ বাবে তেখেতৰ ভালপোৱা সদায় ভাৰতবাসীৰ বাবে প্ৰেৰণাস্বৰূপ হৈ ৰ'ব বুলি মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ।

Syama Prasad Mookerjee
Prime Minister, Vice President pays tribute to Syama Prasad Mookerjee on his birth anniversary

নিউজ ডেস্ক, ৬ জুলাইঃ আজি বিজেপি দলৰ প্ৰতিস্থাপক ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তী । প্ৰয়াত প্ৰাক্তন নেতাগৰাকীৰ জন্ম জয়ন্তীৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকাৰ আদিকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ চিন্তা-ভাৱনা তথা ধাৰণাসমূহে দেশজুৰি লক্ষ্যাধিক লোকক শক্তি যোগায় বুলি প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে ।

  • I bow to Dr. Syama Prasad Mookerjee on his Jayanti. A devout patriot, he made exemplary contributions towards India’s development. He made courageous efforts to further India’s unity. His thoughts and ideals give strength to millions across the nation.

    — Narendra Modi (@narendramodi) July 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰয়াত নেতাগৰাকীক দেশপ্ৰেমিক বুলি উল্লেখ কৰি তেখেতে দেশৰ উন্নয়নৰ বাবে আগবঢ়োৱা অৱদান উল্লেখনীয় বুলি মন্তব্য কৰে মোডীয়ে । ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে দেশৰ একতাক আগবঢ়াই নিয়াৰ বাবে সাহসী ভূমিকা পালন কৰিছিল । তেখেতৰ চিন্তা-ভাৱনা আৰু আদৰ্শই সমগ্ৰ দেশজুৰি লাখ লাখ লোকক শক্তি যোগায় বুলি টুইটাৰযোগে উল্লেখ কৰে নৰেন্দ্ৰ মোডীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকাৰেও শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তীৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মুখাৰ্জীয়ে ভাৰতৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

  • He was the youngest ever Vice-Chancellor of Calcutta University and served the nation with distinction as Independent India’s first Minister of Industry and Supply. #SyamaPrasadMookerjee

    — Vice President of India (@VPSecretariat) July 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰোপৰি, উপ ৰাষ্ট্ৰপতি ভেকাংয়া নাইডুয়ে শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিশেষ দিনটোত তেখেতক স্মৰণ কৰে । মাতৃভূমিৰ বাবে তেখেতৰ ভালপোৱা সদায় ভাৰতবাসীৰ বাবে প্ৰেৰণাস্বৰূপ হৈ ৰ'ব বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে । তেখেতে ভাৰতত জম্মু আৰু কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতি ৰক্ষাৰ বাবে নিৰলসভাৱে যুদ্ধ কৰিছিল । শ্যামা প্ৰসাদ মুখাৰ্জী এজন খ্যাতমানা বেৰিষ্টাৰ (উকিল), দাৰ্শনিক তথা শিক্ষাবিদ আছিল বুলি ভেকাংয়া নাইডুয়ে প্ৰকাশ কৰে।

শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ সবাটোকৈ কম বয়সৰ উপাচাৰ্য আৰু স্বতন্ত্ৰ ভাৰতৰ জৱাহৰলাল নেহৰু কেবিনেটৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী আছিল বুলিও উল্লেখ কৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে । ১৯০১ চনৰ ৬ জুলাইত কলিকতাত জন্মগ্ৰহণ কৰিছিল ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.