ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ ছৌডি আৰৱ ভ্ৰমণঃ এক বিশেষ পৰ্যালোচনা - Prime Minister Modi Visits Saudi Arabia

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছৌডি আৰৱ ভ্ৰমণ সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ পৰ্যালোচনা ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 28 আৰু 29 অক্টোবৰত সম্পন্ন কৰা ছৌডি আৰৱ ভ্ৰমণ দেশ দুখনৰ মাজত থকা দ্বি-পাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ বিনিয়োগ আৰু শক্তিখণ্ডত বহুকেইটা গুৰুত্বপূৰ্ণ দিশৰ সূচনা কৰিছে ৷

প্ৰধানমন্ত্ৰী মোডীৰ ছৌডি আৰৱ ভ্ৰমণ
author img

By

Published : Nov 3, 2019, 12:38 AM IST

প্ৰধানমন্ত্ৰী মোডীৰ ছৌডি আৰৱ ভ্ৰমণ -অশোক মুখাৰ্জী,ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰদূত, ৰাষ্ট্ৰসংঘ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 28 আৰু 29 অক্টোবৰত সম্পন্ন কৰা ছৌডি আৰৱ ভ্ৰমণ দেশ দুখনৰ মাজত থকা দ্বি-পাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ বিনিয়োগ আৰু শক্তিখণ্ডত বহুকেইটা গুৰুত্বপূৰ্ণ দিশৰ সূচনা কৰিছে ৷ দুয়োখন দেশৰ এই সহযোগিতাই ছৌডি আৰৱত বাস কৰা 2.6 মিলিয়ন প্ৰৱাসী ভাৰতীয়ক উপকৃত কৰাৰ লগতে দেশখনৰ অৰ্থনীতিক এক দীৰ্ঘম্যাদী সৱলতা প্ৰদান কৰিব ৷ 2018 বৰ্ষত প্ৰৱাসী ভাৰতীয়সকলৰ ভাৰতলৈ প্ৰেৰণ কৰা ধনৰ পৰিমাণ 11 বিলিয়ন ডলাৰ অতিক্ৰম কৰিছিল ৷ প্ৰধানমন্ত্ৰীৰ উক্ত ভ্ৰমণে ভাৰতৰ নৱ গতিশীলতা আৰু পাৰস্য উপসাগৰীয় অঞ্চলৰ দেশসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি আৰু ৰাষ্ট্ৰীয় উদ্দেশ্যসমূহক ফলপ্ৰসু কৰি তোলাৰ জৰিয়তে গুৰুত্বপূৰ্ণ শক্তিৰূপে আত্মপ্ৰকাশ কৰে ৷

Prime Minister Modi Visits Saudi Arabia
প্ৰধানমন্ত্ৰী মোডীৰ ছৌডি আৰৱ ভ্ৰমণ

আনহাতে উক্ত ভ্ৰমণৰ পৰা অৰ্জন হোৱা সবাতোকৈ তাৎপৰ্যপূৰ্ণ সফলতাটো হৈছে নিসন্দেহে প্ৰধানমন্ত্ৰী মোডী আৰু ছৌডি ৰাজকুমাৰ মহম্মদ বিন চলমান বিন আব্দুলা আজিজ আল ছাদৰ অধ্যক্ষতাত প্ৰতিষ্ঠিত কৌশলগত সহযোগিতা পৰিষদ ৷ উক্ত পৰিষদে বিগত সময়ছোৱাত ভাৰত আৰু ছৌডি আৰৱৰ মাজত থকা আৰু 2010 ৰ মাৰ্চত ঘোষিত "ৰিয়াধ ঘোষণা"ক প্ৰতিনিধিত্ব কৰিব ৷ ই এক দুয়োখন দেশকে নিজ নিজ ভাৱধাৰাৰ হস্তান্তৰ কৰাৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ লগতে দ্বি-পাক্ষিক সিদ্ধান্তসমূহ বলবৎ কৰাৰ বাবে চালিকা শক্তি প্ৰদান কৰিছে ৷ দুয়োখন দেশৰেই বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰীসকলে এই পৰিষদখন পৰিচালিত কৰিছে ৷ ছৌডি আৰৱ হৈছে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ শক্তি আৰু বিনিয়োগত অংশীদাৰিত্ব যোগোৱা সহযোগী ৰাষ্ট্ৰ ৷ ইয়াৰোপৰি দেশখনে ভাৰতকে আদি কৰি চীন, জাপান, দক্ষিণ কোৰিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ, সংযুক্ত যুক্তৰাজ্য, ফ্ৰান্স আৰু জাৰ্মানীৰ লগতো কৌশলগত সহযোগিতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷

Prime Minister Modi Visits Saudi Arabia
প্ৰধানমন্ত্ৰী মোডীৰ ছৌডি আৰৱ ভ্ৰমণ

ভাৰতৰ সৈতে ছৌডি আৰৱৰ কৌশলগত সহযোগিতা দেশখনৰ ৰাজকুমাৰ মহম্মদ বিন চলমান আৰু প্ৰধানমন্ত্ৰী মোডীৰ পাৰস্পৰিক সম্পৰ্কৰ যথেষ্ট নিৰ্ভৰ কৰিছে ৷ ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ প্ৰথম ভাগত এক আংশিক ভ্ৰমণ কৰাৰ যোগেদি প্ৰধানমন্ত্ৰী মোডীৰ ছৌডি আৰৱ ভ্ৰমণৰ বাবে পৃষ্ঠভূমি তৈয়াৰ কৰিছিল ৷ বিশেষকৈ দেশ দুখনৰ মাজত কৌশলগত সহযোগিতা বৃদ্ধিৰ বাবে বিশেষকৈ দুটা বিষয়ৰ ওপৰত অধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল ৷ সেইকেইটা হৈছে- সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু সামুদ্ৰিক সুৰক্ষা ৷

Prime Minister Modi Visits Saudi Arabia
প্ৰধানমন্ত্ৰী মোডীৰ ছৌডি আৰৱ ভ্ৰমণ

দুয়োখন দেশৰ মাজত দ্বি-পাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত মহাসাগৰীয় আৰু পাৰস্য উপসাগৰীয় ক্ষেত্ৰত সামুদ্ৰিক পথৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে যুটীয়াভাৱে সহমত ব্যক্ত কৰিছে ৷ ভাৰত আৰু ছৌডি আৰৱৰ নৌসেনাৰ মাজত প্ৰথমটো যুটীয়া সামৰিক অনুশীলন 2020 ৰ জানুৱাৰীত অনুষ্ঠিত হ'ব ৷ দেশখনৰ সৈতে ভাৰতৰ সামুদ্ৰিক সহযোগিতাই ভাৰতক পশ্চিমীয়া ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে দেশখনলৈ ৰপ্তানি হোৱা শক্তিৰ লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ হৰ্মুজ প্ৰণালী আৰু লোহিত সাগৰীয় অঞ্চলত স্থিতি যথেষ্ট মজবুত কৰি তুলিব ৷

Prime Minister Modi Visits Saudi Arabia
প্ৰধানমন্ত্ৰী মোডীৰ ছৌডি আৰৱ ভ্ৰমণ

আনহাতে সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত দুয়োপক্ষই বিশেষকৈ তথ্যৰ আদান-প্ৰদান, কেপাচিটি বিল্ডিং আৰু আন্তঃদেশীয় অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত দুয়োখন দেশেই সহমত ব্যক্ত কৰিছে ৷ দুয়ো দেশৰ নেতাদ্বয়ে বহুপাক্ষিক সহযোগিতা শক্তি প্ৰদান কৰাৰ উদ্দেশ্যে ছৌডি আৰৱৰ দ্বাৰা পৰিচালিত UN Counter-Terrorism Centre (UNCTC) ৰ সৈতে সহযোগিতা কৰাৰ সংকল্প গ্ৰহণ কৰে ৷ এই কেন্দ্ৰটো 2011 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ইয়াৰ গোলকীয় কৌশল নিৰ্ধাৰণ আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ অংশ হিচাবে গঠন কৰিছিল ৷ আনহাতে ভাৰত এই 22 জনীয়া সদস্যযুক্ত সংস্থাটোৰ 2012 চনৰ 2 এপ্ৰিল অৰ্থাৎ জন্মলগ্নৰেই পৰা সদস্য ৷ তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে পূৰ্বে গ্ৰহণ কৰা UN Comprehensive Convention on International Terrorism (CCIT)ৰ সৈতে ইয়াৰ কোনো যোগসূত্ৰ নাই ৷

আৰৱ বিশ্বৰ ৰাজনৈতিক ইছ্যুসমূহৰ ক্ষেত্ৰত ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰা প্ৰস্তাৱিত সিদ্ধান্তক আদৰণি জনায় ৷ ইয়াৰ ভিতৰত ছৌডি আৰৱৰ দ্বাৰা পৰিচালিত উপসাগৰীয় সহযোগিতা পৰিষদৰ প্ৰচেষ্টাত য়েমেন সংকটৰ ৰাজনৈতিক সমাধান, 1967 চনৰ সীমাৰ ভিত্তিত পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাবে আৰু জেৰুজালেমক ইয়াৰ ৰাজধানী ঘোষণা কৰা আৰু নিৰাপত্তা পৰিষদৰ ঘোষণাৰ ভিত্তিত অস্ত্ৰবিৰতি আৰু ৰাজনৈতিক সমাধানেৰে ছিৰিয়া সংকটৰ অৱসান আদিয়েই প্ৰধান ৷ অৱশ্যে পাকিস্তানৰ কথা উক্ত যুটীয়া বিবৃতিত প্ৰত্যক্ষভাৱে উল্লেখ নাই ৷ উক্ত বিবৃতিয়ে "সাৰ্বভৌম ৰাষ্ট্ৰৰ প্ৰসংগ" উল্লেখ কৰোতে দুয়োখন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ কথা অগ্ৰাহ্য কৰা হৈছে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে 2020 নৱেম্বৰত ছৌডি আৰৱে আয়োজন কৰিবলগা জি-20 সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছে ৷ ভাৰতেও 2022 ত উক্ত সন্মিলন খনৰ আয়োজন কৰিব ৷ দুয়োখন দেশৰ জি-20 লক্ষ্য আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাবে সংস্থাটোৰ 2020 ৰ 21 ছেপ্তেম্বৰত সম্পন্ন হবলগীয়া 75 সংখ্যক জন্মজয়ন্তীত বহুপাক্ষিক বিষয়সমূহত সংস্কাৰৰ বাট প্ৰশস্ত কৰি তুলিছে ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰাৰ দৰে -"ৰাষ্ট্ৰসংঘ কেৱল এক সংস্থা হৈ থকাটো উচিত নহয়, কিন্তু ইতিবাচক পৰিৱৰ্তনৰ বাবে ই এক আহিলা ৷"

Intro:Body:

CHAIRMAN SPECIAL ARTICLE

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.