শ্ৰীনগৰ,19 আগষ্টঃ ক্ৰমাৎ সুস্থিৰ হৈছে জম্মু কাশ্মীৰৰ পৰিস্থিতি ৷ সোমবাৰে শ্ৰী নগৰ, ৰাজৌৰী জিলাত খোলা হৈছে প্ৰাথমিক বিদ্যালয়সমূহ ৷ জানিব পৰা মতে, ৰাজৌৰী জিলাত প্ৰাথমিক বিদ্যালয়কে প্ৰমুখ্য কৰি মুঠ 95 খন স্কুল খোলা হৈছে যদিও বহু বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা শূণ্য ৷ অৱশ্যে কাশ্মীৰত বৰ্তমানলৈকে খোলা হোৱা নাই হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী কলেজসমূহ ৷ এখন প্ৰেছ কনফাৰেঞ্চৰ জৰিয়তে নিয়োজন আৰু বিকাশৰ প্ৰধান সচিব ৰোহিত কন্সলে কয় যে , প্ৰশাসনে বিদ্যালয় তথা চৰকাৰী কাৰ্যালয়সমূহে পূৰ্ণ কাৰ্যক্ষমতা বৰ্তাই ৰাখিবৰ বাবে পৰিকল্পনা অব্যাহত ৰাখিছে ৷ ৰাজ্যখনৰ অধিকাংশ ঠাইতে এতিয়াও ইন্টাৰনেট সেৱা ব্যৱহাৰৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ হৈ আছে ৷ দহখন জিলাৰ পাঁচখনত ইন্টাৰনেট সেৱা পুনৰ বাহাল ৰখাৰ এদিনৰ পিছতে পুনৰ উঠাই লোৱা হৈছে এই সেৱা ৷ অৱশ্যে চৰকাৰী সূত্ৰই জনোৱা মতে, বৰ্তমানলৈকে ৰেহাই প্ৰদান কৰা অঞ্চলকেইটাত সংঘটিত হোৱা নাই কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা ৷
ইফালে কাশ্মীৰত বলবৎ হোৱা দুসপ্তাহজোৰা সান্ধ্য আইনৰ ফলত শ্ৰীনগৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱৰোধ কৰা হৈছে সকলোধৰণৰ কাৰ্গো সুবিধা ৷ ইয়াৰ ফলত দেশৰ অন্য প্ৰান্তৰ সৈতে আদান-প্ৰদানৰ ক্ষেত্ৰত কিছু ঋাণাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ যাৰ পৰিণতিস্বৰূপে ,অন্যান্য সামগ্ৰীৰ লগতে ঔষধ আদান-প্ৰদানো ব্যাহত হৈছে ৷ ইয়াৰ ফলত বিশেষকৈ সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল ৷ এফালে এনে পৰিস্থিতিয়ে 13 দিন অতিক্ৰম কৰিছে আৰু আনফালে প্ৰশাসনে সোনকালেই সকলো থিক হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ৷