ETV Bharat / bharat

হায়দৰাবাদ এনকাউণ্টাৰঃ কি কয় আৰক্ষী বিষয়া সজ্জনাৰে ! - encounter specialist Sajjanar

চাৰি অভিযুক্তক এনকাউন্টাৰৰ পাচতে তেলেংগানা আৰক্ষীৰ সংবাদমেল সম্বোধন ৷

চাইবাৰাবাদ আৰক্ষী আয়ুক্ত ভি. চি. সজ্জনাৰ
তেলেংগানা আৰক্ষী বিভাগৰ সংবাদমেল সম্বোধন
author img

By

Published : Dec 6, 2019, 4:42 PM IST

Updated : Dec 6, 2019, 5:25 PM IST

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ : প্ৰিয়ংকা ৰেড্ডী ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল চাৰি অভিযুক্তক এনকাউন্টাৰ কৰাৰ পাচতে সংবাদমেলৰ আয়োজন কৰিছে তেলেংগানা আৰক্ষীয়ে ৷ চাইবাৰাবাদ আৰক্ষী আয়ুক্ত ভি. চি. সজ্জনাৰে এনকাউন্টাৰ সন্দৰ্ভত কয় যে, অভিযুক্ত চাৰিজনেই দুটাকৈ অস্ত্ৰ কাঢ়ি লৈ আৰক্ষীৰ ওপৰত গুলীচালনা কৰা আৰম্ভ কৰে ৷ সাৱধান কৰি দিয়াৰ পাচতো চাৰিওজনে আত্মসমৰ্পণ কৰিবলৈ অমান্তি হোৱাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ ইয়াৰ ফলত চাৰিওজন অভিযুক্তই প্ৰাণ হেৰুৱায় ৷

তেলেংগানা আৰক্ষী বিভাগৰ সংবাদমেল

লগতে সজ্জনাৰে জানিবলৈ দিয়ে যে, আৰক্ষীয়ে ভুক্তভোগী 'দিশা'ৰ মোবাইল ফোনটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তেওঁ জনাই যে, এই গুলীচালনাৰ ঘটনাত এজন আৰক্ষী উপ-পৰিদৰ্শক আৰু এজন কনিষ্টবলো আঘাতপ্ৰাপ্ত হৈছে ৷ আঘাতপ্ৰাপ্ত দুয়ো আৰক্ষী বিষয়াক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে চিকিৎসা চলি আছে বুলি জানিবলৈ দিয়ে সজ্জনাৰে ৷

এই এনকাউন্টাৰৰ সময়ত 10 জন আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত আছিল বুলি জানিবলৈ দিয়ে সজ্জনাৰে ৷

Intro:Body:

PRESS MEET BY TELANGANA POLICE 

Conclusion:
Last Updated : Dec 6, 2019, 5:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.