নিউজ ডেস্ক, 14 আগষ্টঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে বুধবাৰে ঘোষণা কৰে ৰাষ্ট্ৰীয় সৰ্বোত্তম বঁটা প্ৰাপক সৰ্বভাৰতীয় অগ্নিসেৱা, গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষা সেৱাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপক বিষয়া-জোৱানসকলৰ নাম ৷ দেশৰ 73সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ প্ৰথম নাগৰিক তথা প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়কে সৰ্বমুঠ 100গৰাকী বিষয়া-জোৱানৰ নাম ঘোষণা কৰে ৷ সৰ্বভাৰতীয় অগ্নিসেৱা, গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষা সেৱা শিতানত দেখুওৱা বীৰত্বৰ বাবে বঁটা প্ৰাপকসকলৰ তালিকাত অসমৰ কেবাগৰাকী বিষয়া-জোৱানৰ নাম সন্নিবিষ্ট হৈছে ৷
ৰাষ্ট্ৰপতিয়ে অগ্নি সেৱা মেডেলত সৰ্বমুঠ 56গৰাকী বিষয়া-জোৱানৰ নাম ঘোষণা কৰাৰ লগতে গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষা মেডেলত সৰ্বমুঠ 44 গৰাকী বিষয়া-জোৱানৰ নাম ঘোষণা কৰে ৷
ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা অগ্নি সেৱা বীৰত্বৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে তামিলনাডুৰ উমাপতি ধান্দপানীয়ে ৷ অগ্নিসেৱাৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শিৱশংকৰ নাঞ্জুন্দে গৌড়া, মঞ্জুনাথ নাৰায়ন বেলাগুপ্পা, কৃপাৰাম শৰ্মাকে ধৰি সৰ্বমুঠ আঠগৰাকীয়ে ৷ অগ্নিসেৱাৰ বিশেষ পাৰদৰ্শিতা বঁটা লাভ কৰিছে অসমৰ কুলেশ্বৰ টেৰণ, প্ৰমোদ তালুকদাৰ আৰু প্ৰসন্ন টেৰণকে ধৰি সৰ্বমুঠ 47 গৰাকী বিষয়া-জোৱানে ৷
ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষা সেৱাৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ভূৱন শইকীয়া, আলোক কুমাৰ বৰ্মাকে ধৰি সৰ্বমুঠ আঠগৰাকী বিষয়া-জোৱানে ৷ গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষা সেৱাৰ বিশেষ পাৰদৰ্শিতা বঁটা লাভ কৰিছে অসমৰ গোবিন শইকীয়া, লক্ষ্মী চাহু, আছলম খান আৰু ছায়াৰ সিং চোলাংকিকে ধৰি সৰ্বমুঠ 36গৰাকী বিষয়া-কৰ্মীয়ে ৷
অহাকালি ভাৰতবৰ্ষই উদযাপন কৰিব দেশৰ 73সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণতে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এইসমূহ বীৰত্ব পুৰস্কাৰপ্ৰাপকৰ নাম ঘোষণা কৰাৰ লগতে কেন্দ্ৰীয় স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত বঁটাসমূহ প্ৰদান কৰিব ৷