হাৰিয়ানা, 29 মে': পুনৰ পোহৰলৈ আহিছে মানৱতাক লজ্জানত কৰা এটা ঘটনা । হাৰিয়ানাৰ চনীপাট জিলাৰ এখন হাস্পতালৰ ডাষ্টবিনত উদ্ধাৰ সদ্য়জাত শিশু ।
জানিব পৰা মতে, চিটি'ছ পাটিল নাৰ্ছিং হোমত এটি যমজ সন্তান জন্ম গ্ৰহণ কৰিছিল । কিন্তু সময়ৰ পূৰ্বেই জন্ম লাভ কৰাৰ বাবে এটি শিশুৰ জন্মৰ সময়তেই মৃত্য়ু হোৱাৰ বিপৰীতে আনটো সদ্যজাত জীৱন্ত আছিল যদিও ওজন যথেষ্ট কম হোৱাৰ বাবে ডাষ্টবিনত পেলাই দিয়া হৈছিল ।
পিচত পেলাই দিয়া সদ্যজাত শিশুটিৱে ডাষ্টবিনত মৃত্য়ুৰ সৈতে যুঁজি থকা অৱস্থাত এজন লোকে প্ৰত্যক্ষ কৰি ম'বাইলত ভিডিঅ' কৰি ঘটনাটো আৰক্ষীক অৱগত কৰে । কিন্তু প্ৰথম অৱস্থাত আৰক্ষীয়ে কোনো ব্য়ৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । পুনৰ ২২ ঘণ্টাৰ পাচত গোচৰ তৰাত আৰক্ষীয়ে শিশুটিক হাস্পতাললৈ ভৰ্তি কৰায় যদিও হাস্পতালত শিশুটিৰ মৃত্যু হোৱা বুলি অৱগত কৰে ।
এই ঘটনা সন্দৰ্ভত চিভিল লাইন আৰক্ষী থানাৰ ইনচাৰ্জ দৰ্পণ কুমাৰে কয় পাটিল নাৰ্ছিং হোমৰ বিৰুদ্ধে এক গোচৰ লাভ কৰাৰ কথা । আনহাতে জেনেৰেল হাস্পতালৰ পিএমঅ ড০ আদৰ্শই জানিবলৈ দিয়ে যে এই ঘটনাৰ পাচতেই ঘটনাটোৰ তদন্ত কৰিবলৈ এখন ব'ৰ্ড গঠন কৰাৰ কথা । আনহাতে শীঘ্ৰেই তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰা হ'বও বুলিও উল্লেখ কৰে চিকিৎসগৰাকীয়ে ।