নিউজ ডেস্ক, 15 এপ্ৰিলঃ দেশব্যাপী লক ডাউন অব্যাহত থকাৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলাক জৰুৰীকালীনভাৱে বিমানেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ হিমাচল প্ৰদেশৰ লাহোৱাল চিপ্তিৰ গৰ্ভৱতী মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পিচতে স্থানীয় প্ৰশাসন আৰু চৰকাৰৰ সহযোগত মহিলাগৰাকীক চিমলাস্থিত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
হিমাচল প্ৰদেশৰ এগৰাকী চৰকাৰী মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে ৷ গৰ্ভৱতী মহিলাগৰাকী লাহোৱাল চিপ্তি জিলাৰ কাজা মহকুমাৰ পাংমো গাঁৱৰ বাসিন্দা টেনজিং খাচিত বুলি জানিব পৰা গৈছে আৰু তেওঁক কমলা নেহৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বিগত 13 এপ্ৰিলতে মহিলাগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে এইদৰে বিমানেৰে চিমলালৈ প্ৰেৰণ কৰা হয় ৷
মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিচতে কাজা চিকিৎসালয়ে জিলা দণ্ডাধীশ জ্ঞান সাগৰ নেগীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত হিমাচল প্ৰদেশৰ কৃষিমন্ত্ৰী ডাঃ ৰাম লাল মাৰ্কান্দাই এইক্ষেত্ৰত মহিলাগৰাকীৰ স্বাস্থ্যৰ বিষয়ে বুজ লোৱাৰ লগতে এইদৰে বিমানেৰে চিমলালৈ স্থানান্তৰিত কৰাৰ সকলো ব্যৱস্থা কৰি দিয়ে ৷ বৰ্তমানে মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিয়াৰ লগতে মাতৃ-সন্তান দুয়ো সুস্থ হৈ আছে বুলি মুখপাত্ৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে চাওকঃ জনীয়াৰ এ আই বি ইটাৰ ভাটাত তীব্ৰ খাদ্য সংকট