ETV Bharat / bharat

আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ অমান্তি হোৱাৰ অভিযোগ নিৰ্যাতিতাৰ

author img

By

Published : Oct 16, 2020, 5:03 PM IST

উত্তৰ প্ৰদেশ আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু নকৰাৰ অভিযোগ এগৰাকী নিৰ্যাতিতাৰ। নিৰ্যাতিতাৰ অভিযোগক নস্যাৎ কৰিলে আৰক্ষীয়ে।

আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ অমান্তি হোৱাৰ অভিযোগ নিৰ্যাতিতাৰ
আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ অমান্তি হোৱাৰ অভিযোগ নিৰ্যাতিতাৰ

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: পুনৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ কামৰ ফোঁপোলা স্বৰূপ পৰিষ্ফূট হ'ল। উত্তৰ প্ৰদেশৰ কুণ্ডা চহৰৰ এগৰাকী মহিলাই মানিকপুৰ আৰক্ষী থানাত ধৰ্ষণৰ গোচৰ ৰূজু কৰিবলৈ গৈছিল। কিন্তু আৰক্ষীয়ে গোজু ৰুজু কৰিবলৈ অমান্তি হোৱাৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতাই। সন্ধিয়া প্ৰায় ৮ বজাত নিজৰ কন্যাৰ সৈতে মহিলাগৰাকী কুণ্ডাৰ পৰা উভতিছিল। ৰাস্তাতে কন্যাক শাক-পাচলি ক্ৰয় কৰিবলৈ দি তেওঁ আগবাঢ়ি যায়।

কিছুদূৰ যোৱাৰ পিছতে গাঁৱৰে এজন লোকে তেওঁক বাটত ভেঁটা দিয়ে আৰু দুৰ্ব্যৱহাৰ কৰে। মাতৃক ৰক্ষা কৰিবলৈ কন্যা আহে যদিও লোকজনে নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই ঘটনাৰ পিছতে নিৰ্যাতিতাই মানিকপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ যায়।

এগৰাকী আৰক্ষী বিষয়াই এই অভিযোগ ভুল বুলি কৈ উভতাই পঠিয়াইছে বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে। আনহাতে, আৰক্ষী বিষয়া দীনেশ অধিকাৰীয়ে ফোনযোগে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে,এই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু তেওঁ মহিলাগৰাকীৰ অভিযোগক নস্যাত্ কৰে।

লগতে পঢ়ক: ৰাজস্থানৰ ভিৱাৰীত ধৰ্ষণৰ ঘটনাৰে জড়িতৰ সন্দেহত ২জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.