নিউজ ডেস্ক, 30 আগষ্ট : ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ শেহতীয়া তথ্য অনুসৰি, প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী ক'মাত যোৱা বুলি জানিব পৰা গৈছে আৰু তেওঁক ভেন্টিলেটৰৰ সহায়ত চিকিৎসা প্ৰদান কৰা হৈছে ৷
তথ্য অনুসৰি, প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীক 10 আগষ্টত দিল্লীৰ সেনা অনুসন্ধান আৰু ৰেফৰল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু উক্ত দিনাই মগজুত কিছু আঘাত পোৱাৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল ৷
উল্লেখ্য যে, প্ৰণৱ মুখাৰ্জী 2012 চনৰ পৰা 2017 চনলৈ ভাৰতৰ 13 তম ৰাষ্ট্ৰপতি আছিল ৷
লগতে পঢ়ক : ট্ৰাক ভৰ্তি চোৰাং চাউল সহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী